Classifieds
View All
তিনিচুকীয়া,১৬ জুন: আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ সৈতে সংগতি ৰাখি ৰাষ্ট্ৰীয় আয়ুস অভিযান, অসম আৰু তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত তথা সেৱা ভাৰতী পূৰ্বাঞ্চলৰ সহযোগত আজি তিনিচুকীয়াৰ গোলাপচন্দ্ৰ ৰবিচন্দ্ৰ নাট্য মন্দিৰত তিনিচুকীয়া জিলা ভিত্তিক যোগাসন প্ৰতিযোগিতা-২০২২ অনুষ্ঠিত হয়।
প্ৰতিযোগিতাত প্ৰায় ৫০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহন কৰে। জিলা ভিত্তিক যোগাসন প্ৰতিযোগিতাৰ বন্তি প্ৰজ্বলন কৰি উদ্বোধন কৰে স্বাস্থ্য বিভাগৰ অতিৰিক্ত উপায়ুক্ত দিপু কুমাৰ ডেকাই৷
অনুষ্ঠানত স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ড° ৰমেন সোনোৱাল আৰু আয়ুসৰ নডেল বিষয়া ড° মনিৰাম কলিতা উপস্থিত আছিল। জিলা ভিত্তিক যোগাসন প্ৰতিযোগিতাত তিনিচুকীয় জিলা স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ লগতে সেৱা ভাৰতী পূৰ্বাঞ্চলৰ বিষয়ববীয়াসকল উপস্থিত থাকে।
Comments