গুৱাহাটী, ১৭ জুনঃ এন ১৯৮১, জন হিংকলি নামৰ এজন ব্যক্তিক তেতিয়াৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ৰোনাল্ড ৰেগানক গুলীয়াই হত্যা কৰাৰ বাবে দোষী সাব্যস্ত কৰা হৈছিল। বুধবাৰে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন আদালতে দোষীজনক নিৰীক্ষণৰ পৰা মুক্তি দিয়ে।
তথ্য অনুসৰি, জন হিংকলীক বহু বছৰ ধৰি নিৰীক্ষণত ৰখা হৈছিল। তেওঁক মানসিক স্বাস্থ্য বিশেষজ্ঞৰ তত্বাৱধানত ৰখা হৈছিল। কিন্তু এতিয়া কেইবা দশক ধৰি আইন আৰু মনোৰোগ বৃত্তিধাৰীসকলৰ তত্বাৱধানত আনুষ্ঠানিকভাৱে হিংকলীক নিৰীক্ষণত ৰখাৰ প্ৰক্ৰিয়া শেষ হৈছে।
নিৰীক্ষণৰ পৰা মুক্ত হোৱাৰ অলপ পিছতে হিংকলীয়ে টুইট কৰিছিল, 'মুঠ ৪১ বছৰ, ২ মাহ আৰু ১৫ দিনৰ পিছত স্বাধীনতা লাভ কৰিছো।" ইপিনে, যোৱা বছৰ ছেপ্তেম্বৰৰ পৰাই হিংকলীৰ ওপৰত থকা সকলো প্ৰতিবন্ধকতা আঁতৰোৱাৰ আশা কৰা হৈছিল।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটনত জিলা ন্যায়াধীশ পল এল ফ্ৰীডমেনে এই বিষয়ত কৈছিল যে, "যদি ভাৰ্জিনিয়া সম্প্ৰদায়ৰ সৈতে থকা সময়ত তেওঁৰ মানসিক অৱস্থা স্থিৰ থাকে তেন্তে ১৫ জুনৰ পৰা হিংকলিক মুক্তি দিয়া হ'ব। তেওঁ ২০১৬ চনৰ পৰা ভাৰ্জিনিয়াত বাস কৰি আছে।
ঘটনা অনুসৰি, ১৯৮১ চনৰ ৩০ মাৰ্চ তাৰিখে ৰাষ্ট্ৰপতি ৰেগানে ৱাশ্বিংটন ডিচিত এক অনুষ্ঠানৰ পিছত কঠোৰ নিৰাপত্তাৰ মাজত তেওঁৰ গাড়ীত বহিবলৈ গৈ আছিল। তাৰ পিছত হিংকলি তাত উপস্থিত হৈছিল আৰু তেওঁ গুলী চালনা কৰিছিল। তেওঁ মুঠ ৬ জাই গুলী নিক্ষেপ কৰিছিল।
ইয়াৰে পাঁচটা গুলী ৰেগানক আঘাত কৰা নাছিল। তেওঁৰ বুলেট প্ৰুফ গাড়ীৰ গিলাচত খুন্দা মৰাৰ পিছত ৬ নম্বৰ গুলীটো তেওঁৰ বুকুত খুন্দা লাগিছিল। এই ঘটনাৰ পিছত, ৰেগানক চিকিৎসালয়লৈ লৈ যোৱা হয়, য'ত কেইদিনমান চিকিৎসাৰ পিছত ৰেগান সুস্থ হৈ উঠে। কিন্তু ২০০৪ চনৰ ৫ জুনত তেওঁৰ মৃত্যু হয়।
Comments