গুৱাহাটী,১৭ জুন : দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অতি ঘনিষ্ঠ বুলি পৰিচিত ব্যৱসায়ী গৌতম আদানিৰ বিপদ বাঢ়িছে দ্বীপৰাষ্ট্ৰ শ্ৰীলংকাত। কিয়নো মোদীৰ হেঁচাৰ বাবেই শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাকছেই গৌতম আদানিৰ বাবে দেশখনত এটা শক্তি প্রকল্প স্থাপনৰ অনুমতি প্ৰদান কৰা বুলি ব্যাপক চর্চা চলিছে। এই বিষয়টো সদৰি হোৱাৰ লগে লগে দ্বীপ ৰাষ্ট্ৰত আৰম্ভ হৈছে। যাৰ বাবে আদানি গোটৰ শক্তি প্ৰকল্পৰ বিৰুদ্ধে শ্ৰীলংকাৰ জনতা ৰাজপথলৈ ওলাই আহিছে। উল্লেখ্য যে কলম্বোত অৱস্থিত মেজেষ্টিক চিটিৰ চৌহদত এই গোটৰ কাৰ্যালয় স্থাপন কৰা হৈছে।
যাৰ বাবে ১৬ জুন তাৰিখে এই কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰিবলৈ কলম্বোৰ জনতা ওলাই আহিব লাগে বুলি যোৱা কেবাদিন ধৰি প্ৰচাৰ চলাই থকা হৈছে। উল্লেখ্য যে এক সংসদীয় সমিতিৰ বৈঠকত শ্ৰীলংকাৰ চাইক্ল’ন ইলেকট্ৰিচিটি বোর্ডৰ অধ্যক্ষ এম এম চি ফাৰদিনাণ্ডুৱে গৌতম আদানিৰ কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিক উপর্যুপৰি হেঁচা আৰোপ কৰা বুলি সদৰী কৰিছিল। অৱশ্যে পিছৰ পৰ্যায়ত ৰাষ্ট্ৰপতি ৰাজাপাকছেই এই অভিযোগ অস্বীকাৰ কৰিছে। আনহাতে সংবাদ মাধ্যমত শ্ৰীলংকাৰ বিত্তমন্ত্ৰীয়ে ৫০০ মেগাৱাট শক্তি প্রকল্প স্থাপনৰ বাবে দেশখনৰ মান্নাৰ জিলাত অনুমোদনৰ তথ্য প্ৰকাশ পাইছে।
চৰকাৰী নিৰ্দেশনাত আনকি স্বয়ং ৰাষ্ট্ৰপতিৰ সমৰ্থন থকা বুলিও উল্লেখ আছে। এনেদৰে শ্ৰীলংকাত প্ৰত্যক্ষভাৱে দেশৰ জনতাৰ প্ৰতিবাদৰ সন্মুখীন হৈছে গৌতম আদানি। সেয়েহে এনেধৰণৰ বিতৰ্ক অনাকাংক্ষিত বুলি গৌতম আদানি গ্রুপে ব্যক্ত কৰিছে। গতিকে বিষয়টো শ্ৰীলংকাৰ চৰকাৰক অৱগত কৰা হৈছে বুলি আদানি গোটৰ পৰা স্পষ্ট কৰি দিয়া হৈছে। শ্ৰীলংকাত দুমাহ ধৰি অর্থনৈতিক সংকতে সাধাৰণ ৰাইজক জ্বলাকলা খুৱাই আহিছে।
ইন্ধনৰ নাটনি আৰু অভাৱনীয় মূল্যবৃদ্ধি, খাদ্য সামগ্ৰী আৰু ঔষধৰ ব্যাপক নাটনি আদিৰ বাবে ৰাইজ প্রতিবাদী হৈ উঠিছে। ৰাইজৰ প্ৰতিবাদৰ ফলতে দেশখনৰ প্রধানমন্ত্ৰীয়ে নিজৰ পদবী ইস্তফা দিবলৈ বাধ্য হৈছিল। নতুন প্রধানমন্ত্ৰীৰ জৰিয়তে জাতীয় চৰকাৰ গঠনৰ বাবে চলোৱা প্ৰয়াস বিৰোধী দলসমূহে বৰ্তমানলৈকে সমৰ্থন কৰা নাই।
ইয়াৰ বিপৰীতে অর্থনৈতিক সংকটৰ মূল অভিযুক্ত হিচাপে ৰাষ্ট্ৰপতি গুটাবায়া ৰাজাপাকছেক আঙুলিয়াই দিয়া হৈছে আৰু তেওঁৰ পদত্যাগৰ দাবীত দেশবাসী অটল হৈ আছে। সেয়েহে তেওঁৰ দ্বাৰা অনুমোদিত শক্তি প্রকল্প ৰূপায়ণত সাধাৰণ ৰাইজে বাধা দিবলৈ আগুৱাই অহা দেখা গৈছে।
Comments