Cartoon
View Older
গুৱাহাটী,১৫ জুন:কাটাৰত এই বছৰ অনুষ্ঠিত হ'বলগীয়া ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিছে অষ্ট্ৰেলিয়াই । আন্তঃমহাদেশীয় প্লে-অফত অষ্ট্ৰেলিয়াই পেৰুক শ্বুত আউটত ৫-৪ গ’লত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে অতিৰিক্ত সময়লৈকে খেলখন গ’লশূন্য হৈ ৰয়।
অষ্ট্ৰেলিয়াৰ ছাবষ্টিটিউট গ’লকীপাৰ এন্ড্রিউ ৰেডমেইনে শ্বুত আউটত অন্তিম শ্বটটো প্ৰতিহত কৰি দলৰ জয়ত নির্ণায়ক ভূমিকা লয়। পেৰুৰ এলেক্স ভালেৰাই লৈছিল শ্বুতটো। অষ্ট্ৰেলিয়াই একেৰাহে পঞ্চমবাৰলৈ আৰু সামগ্ৰিকভাৱে ষষ্ঠবাৰলৈ ফিফা বিশ্বকাপলৈ যোগ্যতা অর্জন কৰিছে। গ্রুপ ‘ডি’ত ফ্রান্স, ডেনমার্ক আৰু টিউনিছিয়াৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিব অষ্ট্ৰেলিয়াই । এছিয়া আৰু দক্ষিণ আমেৰিকাৰ কোৱালিফায়িঙৰ পঞ্চম স্থানপ্রাপ্ত দল দুটাৰ মাজত অনুষ্ঠিত প্লে-অফখনে এই বছৰৰ বিশ্বকাপৰ ৩১সংখ্যক দলটো নিৰ্দ্ধাৰণ কৰে।
Comments