গুৱাহাটী, ১৫ জুমঃ ফিনলেণ্ডৰ পাভো নুৰ্মি গেমছত ৮৯.৩০ মিটাৰ জেভেলিন থ্ৰ'ৰ সৈতে নীৰজ চোপ্ৰাই এক নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।
চোপ্ৰাৰ আগৰ ৰাষ্ট্ৰীয় অভিলেখ আছিল ৮৮.০৭ মিটাৰ যিটো তেওঁ যোৱা বছৰ মাৰ্চত পাটিয়ালাত গঢ়িছিল। নীৰজ চোপ্ৰাই ৭ আগষ্ট, ২০২১ তাৰিখে ৮৭.৫৮ মিটাৰ থ্ৰ'ৰে টকিঅ' অলিম্পিকত স্বৰ্ণ জয় কৰিছিল।
তেওঁ এথলেটিকছত ভাৰতৰ প্ৰথম অলিম্পিক স্বৰ্ণ পদক বিজয়ী আৰু অলিম্পিকত কেৱল দ্বিতীয় গৰাকী ব্যক্তিগত স্বৰ্ণ পদক বিজয়ী এথলিট।
নীৰজ চোপ্ৰাই পাভো নুৰ্মি গেমছত জেভলিন থ্ৰ'ৰে ৰূপৰ পদক জিকিছে। টকিঅ' গেমছত ঐতিহাসিক সোণৰ পদক জয় কৰাৰ পিছত এইটো নীৰজৰ প্ৰথম প্ৰতিযোগিতামূলক ভ্ৰমণ আছিল। ফিনলেণ্ডৰ অলিভাৰ হেলেণ্ডাৰে ৮৯.৮৩ মিটাৰ থ্ৰোৰে প্ৰতিযোগিতাখনত সোণৰ পদক জিকিছে।
মাত্ৰ ১০ মাহৰ পিছত ২৪ বছৰীয়া চোপ্ৰাৰ প্ৰথম এই প্ৰতিযোগিতাখন অসাধাৰণ প্ৰতিযোগীতাতকৈ কম নাছিল, কিয়নো তেওঁ প্ৰায় ৯০ মিটাৰ আকাংক্ষিত দৈৰ্ঘ্য স্পৰ্শ কৰিবলৈ সক্ষম হৈছিল, যাক জেভেলিন থ্ৰোৰ পৃথিৱীত সোণৰ মানদণ্ড বুলি গণ্য কৰা হয়।
Comments