গুৱাহাটী,১৫ জুন:ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা তথা ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদৰ অধ্যক্ষ অজিত ডোভালক দেশৰ এজন অতি শক্তিশালী ব্যক্তি বুলি গণ্য কৰা হয়।তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অতি ঘনিষ্ঠ হোৱাৰ ওপৰিও ৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ খুবেই প্ৰিয় ব্যক্তি।
অজিত ডোভালে সাত বছৰ ধৰি পাকিস্তানত ভাৰতৰ গুপ্তচৰ হৈ বাস কৰি আছিল।তেওঁ পাকিস্তানত নিজকে এজন মুছলমান সম্প্ৰদায়ৰ ব্যক্তি হিচাপে চিনাকী দিছিল আৰু কাকো অনুভৱ হ'বলৈ দিয়া নাছিল যে তেওঁ এজন হিন্দু। তেওঁ লাহোৰত মুছলমানৰ সাজ-সজ্জাত প্ৰায় সাতটা বছৰে বাস কৰিছিল।লাহোৰত এটা ডাঙৰ আউলিয়া মাজাৰ আছে। এবাৰ তেওঁক এজন অতি আকৰ্ষণীয় ব্যক্তিয়ে মাতিছিল। তেওঁৰ দাড়ি বহুত দীঘল আৰু বগা আছিল।
ডোভালৰ মতে, তেওঁক মানুহজনে বহুত সময় ধৰি লক্ষ্য কৰি আছিল আৰু শেষত মোল্লা জনে তেওঁৰ ওচৰলৈ আহি মাত লগাইছিল। তেওঁ কৈছিল,"আপুনি এজন হিন্দু।" ডোভালে ক'লে, "নহয়, মই এজন মুছলমান।" তেওঁ ক'লে, "আপুনি মিছা কৈছে, আপুনি হিন্দু।" ডোভালে আকৌ অস্বীকাৰ কৰিলে। কিন্তু তেওঁ ক'লে, "মই জানো যে আপুনি হিন্দু কিয়নো আপোনাৰ কাণত বিন্ধা আছে।" ডোভালে তেওঁক কৈছিল যে তেওঁ হিন্দুৰ পৰা মুছলমানলৈ পৰিৱৰ্তিত হৈছে। মানুহজনে পুনৰ কৈছিল,"নহয়,আপুনি ৰূপান্তৰ হোৱা নাই।" ডোভালে পিছত বৰ্ণনা কৰিছিল যে,তেওঁও এজন হিন্দু আছিল। পৰিয়ালৰ সকলোৰে মৃত্যু হোৱাত তেওঁ এনে বেশ ধৰি পাকিস্তানত জীয়াই আছে।
তেওঁ ডোভালক প্লাষ্টিক চাৰ্জাৰী কৰিবলৈ পৰামৰ্শ দিছিল নহ'লে পিছত সমস্যাৰ সৃষ্টি হ'ব।অৱশ্যে,ডোভালৰ কাণত এতিয়াও সামান্য ছিদ্ৰ আছে।
Comments