Classifieds
View All
তিনিচুকীয়া: ১৫ জুন: অসামৰিক প্ৰতিৰক্ষা বিভাগ, তিনিচুকীয়া আৰু ফায়াৰ এণ্ড ইমাৰজেঞ্চি চাৰ্ভিছ, তিনিচুকীয়াৰ যুটীয়া উদ্যোগত তিনিচুকীয়া নগৰৰ ১৯০০ শিক্ষাৰ্থী থকা বাডিং বাডছ চিনিয়ৰ চেকেণ্ডাৰী স্কুলত আজি দুৰ্যোগ প্ৰশমনৰ ব্যৱস্থাৱলী প্ৰদৰ্শন কৰাৰ লগতে সজাগতা অনুষ্ঠান আয়োজন কৰে।
কাৰ্যসূচীত ফায়াৰ এণ্ড ইমাৰজেঞ্চি চাৰ্ভিছ, তিনিচুকীয়াৰ চিনিয়ৰ ষ্টেচন অফিচাৰ বিষ্ণু মৰাং সহ তেওঁৰ দল, অসামৰিক প্ৰতিৰক্ষা বিভাগ, তিনিচুকীয়াৰ ডেপুটি কণ্ট্ৰ'লাৰ ৰূপান্ত সোণোৱাল, ৱাৰ্ডেন মনোৰঞ্জন মৰাণ, বাডিং বাডছ চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ সমীৰণ গগৈ আদি উপস্থিত আছিল।
কাৰ্যসূচীত বিশেষকৈ অগ্নি নিবাৰপন, ভূমিকম্প আৰু বানপানীৰ সময়ত লব লগা সাৱধানতা আদি বিষয়ত সজাগতা সৃষ্টি কৰা হয়। অনুষ্ঠানত বিদ্যালয়খনৰ চাৰি শতাধিক শিক্ষাৰ্থীয়ে ভাগ লয়।
Comments