গুৱাহাটী, ১৬ জুনঃ ৰাজ্যত অ' পি এছ পুনৰ প্ৰতিষ্ঠাৰ হকে সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থা আৰু অসমৰ কৰ্মচাৰী সন্থা/ সংঘৰ যৌথ সন্মিলনে আহ্বান জনোৱা গণ স্বাক্ষৰিত স্মাৰকপত্ৰ কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ জৰিয়তে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰে।
এই বিষয়ে সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকা, ৰাজ্যিক মুখপাত্ৰ ড° জ্যোতিষ গোস্বামী, সংস্থাৰ কামৰূপ মহানগৰ জিলা সমিতিৰ সভানেত্ৰী আজলী ভূঞা আৰু ৰাজ্যিক সাংগঠনিক সম্পাদক দিলীপ দাসে জানিবলৈ দিয়ে।
ৰাজ্যৰ কৰ্মচাৰী সকলক পুৰণি পেঞ্চন অৰ্থাৎ অ' পি এছৰ যোগেদি অৱসৰী জীৱনৰ অৰ্থনৈতিক স্বাৱলম্বিতাৰ প্ৰদানৰ ক্ষেত্ৰত ইং ১২/৬/২২ তাৰিখে অসম চৰকাৰ তথা মুখ্যমন্ত্ৰীৰ হৈ ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগৰ অধ্যক্ষতাত অনুষ্ঠিত সভাত পৰিস্ফুট হোৱা অসম চৰকাৰৰ ইতিবাচক সঁহাৰিক আদৰণি জনাইছে বুলি এন পি এছ কৰ্মচাৰী সংস্থাই কয়।
লগতে, বিত্তমন্ত্ৰী গৰাকীয়ে এন পি এছৰ ভয়াবহতাৰ স্বীকাৰ কৰাৰ উপৰি কৰ্মচাৰী সমাজৰ মাজত উদ্ভৱ হোৱা শংকাত সহমত প্ৰকাশ কৰাই নহয়, কৰ্মচাৰী সমাজ চৰকাৰ নামৰ বৃহৎ পৰিয়ালৰ অভিন্ন অংগ বুলি সমস্যাটি সমাধানৰ আস্বাস প্ৰদান কৰিছে বুলি তেওঁলোকে কয়।
ইপিনে, বিষয়টিৰ গভীৰতা উপলব্ধি কৰি ইয়াৰ ক্ষীপ্ৰ প্ৰতিকাৰ কৰাৰ বাবে অসমৰ কৰ্মচাৰী সমাজে চৰকাৰক দাবী জনাইছে বুলি সংস্থাৰ কামৰূপ মহানগৰ জিলা সমিতিৰ সভানেত্ৰী আজলী ভূঞাই উল্লেখ কৰে।
এন পি এছ সংস্থাই আৰু কয় যে, "ৰাজ্যৰ সকলো চৰকাৰী বিষয়া, শিক্ষক, আৰক্ষী আদি কৰ্মচাৰীৰ অৱসৰী কালৰ অৰ্থনৈতিক স্বাৱলম্বিতা পুৰণি পেঞ্চনৰ যোগেদি সুৰক্ষিত নোহোৱালৈকে সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাৰ সংগ্ৰাম অব্যাহত ৰাখিব৷ সংগ্ৰামৰ ধাৰা সলনি হ'লেও তীব্ৰৰ পৰা তীব্ৰতৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব আৰু এই ক্ষেত্ৰত অসমৰ প্ৰতিজন বিষয়া, শিক্ষক, কৰ্মচাৰী, আৰক্ষীৰ সংস্থা/সংঘ/সন্থা/মঞ্চৰ উপৰিও সুধি সমাজৰ লগত হাতে হাত ধৰি আগবাঢ়িবলৈ বদ্ধ পৰিকৰ। এই সংস্থা একমাত্ৰ আন্দোলন কৰাৰ বাবেই সংগঠিত হোৱা নাই বৰং এন পি এছ নামৰ সামাজিক ব্যাধিক প্ৰতিহত কৰাৰ লক্ষ্যৰেহে সংগঠিত হৈছে।"
আনহাতে, ৰাজ্যিক মুখপাত্ৰ ড° জ্যোতিষ গোস্বামী আৰু অপূৰ্ব শৰ্মাই এই বিষয়ত কয় যে, "এই সমস্যাটোৰ সমাধানৰ প্ৰতি চৰকাৰে দেখুওৱা ইতিবাচক সঁহাৰিৰ প্ৰতি কৰ্মচাৰী সমাজৰ আস্থা আৰু সন্মান আছে৷ অসম চৰকাৰৰ সদিচ্ছাৰ ওপৰত সংস্থাৰ আগন্তুক কাৰ্যসূচী নিৰ্ভৰ কৰিব।"
এই কাৰ্যসূচীত সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাৰ লগত, সদৌ অসম মুৰব্বী বিভাগীয় আমোলা সন্থা, সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থা, অসম কলেজ শিক্ষক সংস্থা, অসম সচিবালয় সেৱা সন্থা, সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থা, সদৌ অসম ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান প্ৰশিক্ষক সংস্থা আদি সন্থা/সংঘ সমুহে সহযোগ কৰে।
Comments