গুৱাহাটী, ১৬ জুনঃ সংযুক্ত আৰৱ এমিৰেইটছ চমুকৈ ইউ.এ.ই.য়ে ভাৰতীয় ঘেঁহুৰ পৰা তৈয়াৰ কৰা সামগ্রী যেনেঃ আটা, ময়দা আদিৰ ৰপ্তানি ৪ মাহৰ বাবে স্থগিত ৰাখিছে। বুধবাৰে ইউ.এ.ই. চৰকাৰে এই সন্দৰ্ভত এক নিৰ্দেশও জাৰি কৰিছে।
প্ৰতিবেদন অনুসৰি, ইউ.এ.ই.ৰ অৰ্থনীতি মন্ত্ৰালয়ে এই পদক্ষেপৰ আঁৰৰ কাৰণ হিচাপে বিশ্বব্যাপী বাণিজ্য প্ৰবাহত বাধা ৰখাৰ কথা উল্লেখ কৰে। লগতে উল্লেখ কৰে যে ভাৰতে ঘৰুৱা ব্যৱহাৰৰ বাবে ইউ.এ.ই.লৈ ঘেঁহু ৰপ্তানিৰ অনুমোদন জনাইছে।
১৪ মে'ত, ভাৰতে ঘেঁহু ৰপ্তানি নিষিদ্ধ কৰিছিল। অৱশ্যে, এই নিষেধাজ্ঞাত ইতিমধ্যে ঋণ পত্ৰ (এলচি) বা খাদ্য সুৰক্ষা নিশ্চিত কৰাৰ বাবে ঘেঁহু প্ৰদান কৰিব লগা দেশবোৰক বাদ দিয়া হৈছিল। এই নিষেধাজ্ঞাৰ পিছত, ভাৰতে ৪,৬৯,২০২ টন ঘেঁহু ৰপ্তানিৰ অনুমতি দিছে।
ইপিনে, আন এক বিবৃতিত কোৱা হৈছে যে, "১৩ মে' ২০২২ৰ আগতে ইউ.এ.ই.লৈ অনা ভাৰতীয় ঘেঁহু ৰপ্তানি বা পুনৰ ৰপ্তানি কৰিব বিচৰা কোম্পানীবোৰে প্ৰথমে অৰ্থনীতি মন্ত্ৰালয়ত আবেদন কৰিব লাগিব।
সংযুক্ত আৰৱ এমিৰেইটছ আৰু ভাৰতে ফেব্ৰুৱাৰীত এক ব্যাপক বাণিজ্য আৰু বিনিয়োগ চুক্তি স্বাক্ষৰৰ জৰিয়তে ইখন দেশে সিখনৰ সামগ্ৰীৰ ওপৰত সকলো শুল্ক হ্ৰাস কৰিব বিচাৰে আৰু পাঁচ বছৰৰ ভিতৰত তেওঁলোকৰ বাৰ্ষিক বাণিজ্য ১০০ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰিব বিচাৰে। সামগ্ৰিক অৰ্থনৈতিক অংশীদাৰীত্ব বাণিজ্য চুক্তি (চিইপিএ) হিচাপে জনাজাত এই চুক্তিখন ১ মে'ৰ পৰা কাৰ্যকৰী হ'ব।
আনহাতে, ৰাচিয়া-ইউক্ৰেইন যুদ্ধৰ ফলত সমগ্ৰ বিশ্বতে ঘেঁহুৰ সংকটে দেখা দিছে। যিবোৰ দেশলৈ ঘেঁহু ৰাছিয়া আৰু ইউক্ৰেইনৰ পৰা গৈছিল, সেই দেশবোৰে বৰ্তমান এই যোগান পোৱা নাই। বহুতো দেশে ভাৰতৰ পৰা সহায় বিচাৰিছিল। সেয়েহে, ভাৰতে মাজতে ঘেঁহু ৰপ্তানি নিষিদ্ধ কৰিছিল।
Comments