গুৱাহাটী, ১৬ জুনঃ সকলোৱে নিশ্চয় এতিয়ালৈকে বহুতো ব্যয়বহুল বস্তটোৰ বিষয়ে শুনিছে। পৃথিৱীত বহুপ্ৰকাৰৰ ব্যয়বহুল বস্তু আছে। সোণ আৰু ৰূপতকৈও মূল্যৱান এবিধ পানীৰ বটল আছে, যাৰ মূল্যই সকলোকে হতবাক কৰি তুলিব।
মানুহে সাধাৰণতে খোৱা পানীৰ বটল এটাৰ বাবে ১০ বা ২০ টকা খৰচ কৰে। যদি বিমানবন্দৰৰ কথা কোৱা হয়, তেন্তে পানীৰ বটল এটাৰ বাবে ১০০ পৰা ১৫০ টকা খৰচ কৰিব লগা হয়। কিন্তু পৃথিৱীত এনে এবিধ পানীৰ বটল আছে যাৰ প্ৰতিটো টোপালৰ মূল্য লাখ টকাৰ সমান। এই পানীৰ প্ৰতিটো টোপাল অমূল্য, কিয়নো এই পানীৰ বটল এটাৰ মূল্য হৈছে ৬৫ লাখ টকা।
বেভাৰ্লি হিলছ ৯০ এইচ ২০ ৰ পানীৰ এটা বটলৰ মূল্য ৬৫ লাখ টকা। অৰ্থাৎ এই পানীৰ এটোপালৰ মূল্য হাজাৰ অথবা লাখ টকাৰ সমান।
প্ৰকৃততে, বেভাৰ্লি নামৰ এটা কোম্পানীয়ে এই পানীৰ বটলটো মুকলি কৰিছে। এই বটলটোৰ টুপীটো ১৪ কেৰেট বগা সোণৰ পৰা তৈয়াৰ কৰা হয়। ইয়াৰ উপৰিও, ইয়াৰ ঢাকনিত ২৫০ টা হীৰাও খোদিত কৰা হৈছে। যাৰ বাবে ইয়াৰ মূল্য অধিক।
Comments