গুৱাহাটী,১৯ জুন:শংকৰী কলা সংস্কৃতিৰ গৱেষক পণ্ডিত ড: নৰেন কলিতালৈ অসম চৰকাৰৰ সাংস্কৃতিক বিভাগে ২০২১ বৰ্ষৰ কৃষ্ণকান্ত সন্দিকৈ বঁটা আগবঢ়াইছে। নগাঁও চহৰৰ হয়বৰগাঁও খুটিকটীয়া নিৱাসী ড নৰেন কলিতাক অহা ২০ জুনত এই বঁটা প্ৰদান কৰা হব । শংকৰী কলা সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত নিৰৱে সাধনা কৰা ড° কলিতাক অসম চৰকাৰৰ সাংস্কৃতিক বিভাগে কৃষ্ণ কান্ত সন্দিকৈ বঁটাৰ বাবে নিৰ্বাচিত কৰা বুলি কালি বিভাগটোৰ তৰফৰ পৰা অৱগত কৰা বুলি জানিব পৰা গৈছে ।
অহা ২০ জুনত ড° কলিতাক ডিব্ৰুগড়ৰ এক অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিক ভাবে এই বঁটাটি প্ৰদান কৰিব বুলি জানিব পৰা গৈছে । উল্লেখ্য এই যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱাত লুকাই থকা কাঠৰ প্ৰাচীন ভাস্কর্য শিল্প , তাৰ ইতিহাস আৰু নন্দনমূল্য বিচাৰ কৰি ড° কলিতাই প্ৰকাশ কৰা “ বৰদোৱাৰ শিল্পবস্তু “শীর্ষক গ্রন্থ খনি হৈছে তেওঁৰ অনন্য সৃষ্টি। দুটি ভাগত প্ৰকাশ পোৱা গ্ৰন্থ খনিৰ দ্বিতীয় ভাগত গৱেষক ড° কলিতাই ভাস্কৰ্য সমূহৰ মাজেৰে প্ৰকাশিত নৃত্য আংগিকত গুৰুত্ব প্ৰদান কৰিছিল । ১৯৪২ চনত জন্ম গ্ৰহণ কৰা ড° কলিতাই ১৯৮৫ চনত “বৰদোৱা শিল্পবস্তু”ৰ জৰিয়তে বৰদোৱাৰ কাঠৰ ভাস্কৰ্যৰ বিষয়ে অধ্যয়ন, ১৯৮৬ চনত “কপিলীপাৰ কছাৰীপাৰ” ৰ জৰিয়তে কপিলী যমুনা উপত্যকাৰ শিলৰ প্ৰাচীন ভাস্কৰ্য আৰু সমাজ অধ্যয়ন, ১৯৮৬ ত অসমৰ পুথিচিত্র, ২০০৮ ত বিল্বমংগল স্তোত্র গ্রন্থ কেইখন প্ৰকাশ কৰি উলিয়ায়৷
Comments