নতুন দিল্লী,১৯ জুন:আসন্ন কমনৱেলথ গেমছৰ ভাৰতীয় এথলেটিকছ দলত অসমৰ হিমা দাসে ৰেংকিঙৰ সুযোগ লাভ কৰি একমাত্ৰ মহিলা ৰেলী দলত স্থান লাভ কৰিলেও আশাহত হল অম্লান বৰগোঁহাই।
উল্লেখ্য যে আজি ভাৰতীয় এথলেটিকছ ফেডাৰেছনে আসন্ন কমনৱেলথ গেমছৰ বাবে ৩৭ জনীয়া ভাৰতীয় দলটো ঘোষণা কৰিছে। ভাৰতীয় দলক নেতৃত্ব দিব অলিম্পিক স্বর্ণজয়ী নিৰজ চোপ্ৰাই। স্মৰ্তব্য যে অসমৰ দুই দৌৰবিদ হিমা দাস আৰু অম্লান বৰগোঁহায়ে কমনৱেলথ গেমছত খেলিব পাৰিব নে নাই তাক লৈ নিশ্চিত নাছিল। কাৰণ উভয় এথলীটে সদ্য সমাপ্ত ৬১ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক এথলেটিকছ প্রতিযোগিতাত পদক লাভ কৰাৰ পাছতো আসন্ন কমনৱেলথ গেমছলৈ যোগ্যতা অৰ্জনৰ মাপকাঠিৰ সময় স্পৰ্শ কৰাত বিফল হৈছিল।
উল্লেখ্য যে প্রতিযোগিতাত হিমা দাস আৰু অম্লান বৰগোঁহায়ে মহিলা আৰু পুৰুষৰ ১০০ মিটাৰ দৌৰত সোণ লাভ কৰি দেশৰ ভিতৰতে দ্রুততম তৰুণ হোৱাৰ গৌৰৱ লাভ কৰিছিল। কিন্তু সোণ লাভ কৰাৰ পাছতো ১০০ মিটাৰ দৌৰত এছিয়ান গেমছ, কমনৱেলথ গেমছ আৰু বিশ্ব চেম্পিয়নশ্বিপলৈ যোগ্যতা অর্জনত ব্যৰ্থ হৈছিল নিৰ্ধাৰিত সময় স্পৰ্শ কৰিব নোৱাৰাৰ বাবে। ইফালে, ২০০ মিটাৰ দৌৰতো একেই ঘটনা ঘটে। হিমা দাস আৰু অম্লানৰ লক্ষ্য আছিল অহা ২৮ জুলাইৰ পৰা আঠ আগষ্টলৈ বার্মিংহামত অনুষ্ঠিত হ'বলগীয়া কমনৱেলথ গেমছৰ বাবে পোনপটীয়াকৈ ২০০ মিটাৰ দৌৰৰ টিকট লোৱা। কিন্তু অম্লানে ২১ ছেকেণ্ড সময় লৈ ২০০ মিটাৰ দৌৰৰ সোণ লাভ কৰে যদিও কমনৱেলথ গেমছ (২০.১৫ ছেকেণ্ড) আৰু বিশ্ব চেম্পিয়নশ্বিপ (২০.২৪ ছেকেণ্ড)লৈ যোগ্যতা অৰ্জনত ব্যর্থ হয়। ইফালে, হিমাই ২৩.২৯ ছেকেণ্ড সময় লৈ ২০০ মিটাৰ দৌৰত ৰূপৰ পদকহে লাভ কৰে। উল্লেখ্য যে ২০০ মিটাৰ দৌৰত মহিলাৰ যোগ্যতাৰ মাপকাঠি হ’ল কমনৱেলথ গেমছ (২২.৭০ ছেকেণ্ড) আৰু বিশ্ব চেম্পিয়নশ্বিপ (২২.৮০ ছেকেণ্ড) আৰু এছিয়ান গেমছ (২৩.১৭ ছেকেণ্ড)। পদক লাভৰ সফলতাৰ পাছতো কায্যতঃ লক্ষ্যত উপনীত হোৱাৰ ব্যৰ্থতাৰে হিমা-অম্লানে আশা কৰিছিল ৰেংকিঙৰ জড়িয়তে কমনৱেলথ গেমছৰ টিকট লাভ কৰাৰ। কিন্তু আজি হিমাই কেবল ৰীলে দলত স্থান পোৱাৰ বিপৰীতে অম্লানৰ ভাগ্য উদয় নহ'ল। উল্লেখ্য যে অম্লানে ২০০ মিটাৰ দৌৰত এছিয়ান গেমছলৈ কিন্তু যোগ্যতা অৰ্জন কৰিছে।
Comments