নতুন দিল্লী, ১৯ জুন:দেশৰ ষোড়শ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন কাষ চাপি অহাৰ সমান্তৰালকৈ ৰাজনৈতিক দলসমূহৰ গুণা-গঁথায়ো পর্যৱেক্ষক সচেতন মহলৰ দৃষ্টি ক্ৰমাৎ কাঢ়িবলৈ লৈছে। শাসকীয় বিজেপি তথা এন ডি এক এই ক্ষেত্ৰত এই পর্যন্ত মৌনব্রত অৱলম্বন কৰা দেখা গ'লেও ২০০২ চনত এ পি জে আব্দুল কালামক ৰাষ্ট্ৰপতি পদ প্রার্থীৰূপে অৱতীৰ্ণ কৰোৱাৰ দৰে এইবাৰো তেনে সর্বজনগ্রাহ্য প্ৰাৰ্থীৰ সন্ধানেই যে কৰিছে, সেয়া তেওঁলোকৰ হাব ভাবতে পৰিস্ফুট হৈছে। নিশ্চিত বিজয়ৰ আশা কৰা এন ডি এৰ বাবে এই সময় যেন মৌনতাৰে সময়।
ইয়াৰ বিপৰীতে প্ৰাৰম্ভিক আলোচনাৰ ভিত্তিত অহা ২১ জুনৰ প্ৰস্তাৱিত সভাতে থিৰাং কৰা হ'ব বিৰোধী ৰাজনৈতিক দলসমূহৰ উমৈহতীয়া প্ৰাৰ্থীৰ নাম। ইয়াৰ পূর্বে মহাত্মা গান্ধীৰ আজোনাতি তথা পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যপাল গোপালকৃষ্ণ গান্ধী আৰু জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাৰ নাম আলোচনালৈ আহিছিল যদিও সিদ্ধান্ত গ্ৰহণত ব্যর্থ হয় বিৰোধী দলসমূহ।
১৫ জুনৰ বৈঠকৰ পাছত কংগ্ৰেছৰ নিজাববীয়া প্রার্থী নাই বুলি জনাই দলটোৰ নেতা মল্লিকার্জুন খাৰ্গেৰ বিশ্বাস — সকলোৱে আদৰি ল'ব পৰাকৈ এগৰাকীয়ে হব বিৰোধীৰ প্ৰাৰ্থী। এন চি পি মুৰব্বী শাৰদ পাৱাৰৰ অনীহাৰ পাছত কোন হ'ব উমৈহতীয়া প্ৰাৰ্থী— সেয়া স্পষ্ট হ'ব অহা মঙলবাৰৰ বৈঠকতেই। সেই হিচাপে প্রথম বৈঠকত অনুপস্থিত থকা আপ আৰু টি আৰ এছো ২১ জুনৰ বৈঠকলৈ আমন্ত্ৰিত হৈছে। উল্লেখ্য, ৰাষ্ট্ৰপতি পদৰ বাবে কমেও ৫০গৰাকীয়ে প্ৰস্তাৱ আৰু ৫০গৰাকীয়ে সমর্থন আগবঢ়োৱা আৱশ্যক।
Comments