গুৱাহাটী,১৯ জুন:ৰাজ্যৰ প্ৰায়সমূহ জিলা এতিয়া বানৰ কৱলত পৰিছে। ৰাজ্যৰ লাখলাখ লোক এতিয়া জলবন্দী।আনহাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰো কেইবাটাও অঞ্চল সম্প্ৰতি বানৰ কৱলত পৰিছে।জানিব পৰা মতে উদ্যানৰ ২২৩ টা বন শিবিৰৰ ভিতৰত ১৪ টা বন শিবিৰ ইতিমধ্যে জলমগ্ন হৈ পৰিছে । অগৰাতলী বনাঞ্চলৰ তিনিটা, কহঁৰা বনাঞ্চলৰ দুটা, বাগৰী বনাঞ্চলৰ তিনিটা, বুঢ়াপাহাৰ বনাঞ্চলৰ এটা, বোকাখাত বনাঞ্চলৰ দুটা আৰু বিশ্বনাথ বন সংমণ্ডলৰ তিনিটা বন শিবিৰ সম্প্ৰতি জলমগ্ন ৷ বুঢ়াপাহাৰ বনাঞ্চলৰ হাতীকেম্প, অগৰাতলী বনাঞ্চলৰ চহলা, মোৱামাৰী, মাক্ৰুম বন শিবিৰ আদি বাঢ়নী পানীয়ে বুৰাইছে৷
ইফালে উদ্যানৰ জীৱ-জন্তুবোৰ ওখ ঠাইলৈ ঢাপলি মেলিছে ।খাদ্যৰ সন্ধানত ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিলৈও হৰিণা, বন গাহৰি আদি জন্তু অহা দেখা গৈছে।ইফালে দুৰ্ভাগ্যজনকভাৱে ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ বেগী বাহনৰ খুন্দাত এতিয়ালৈ নিহত হোৱা বন্য জন্তুৰ সংখ্যা চাৰিটালৈ বৃদ্ধি পাইছে।ইয়াৰে তিনিটা হৰিণা আৰু এটা নাহৰফুটুকী।বান পৰিস্থিতিৰ শেহতীয়া তথ্য প্ৰকাশ কৰিছে উদ্যান কৰ্তৃপক্ষই।উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্য অনুসৰি কাজিৰঙাত থকা ১৪৪ টা হাইলেণ্ডত বানৰ সময়ত বন্য জন্তুসমূহে আশ্ৰয় ল'ব পাৰিব । ৰাষ্ট্ৰীয় ঘাইপথত বাহনৰ খুন্দাত বন্য জন্তুৰ মৃত্যু সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি উদ্যান কৰ্তৃপক্ষই কয় যে টাইম কাৰ্ডৰ ব্যৱস্থা অতি সোনকালে আৰম্ভ কৰাৰ উপৰিও ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দিনে নিশাই কৰ্তব্যত নিয়োজিত হৈ আছে অতিৰিক্ত ৭০ গৰাকী বন সুৰক্ষা কৰ্মী ৷বনকৰ্মীসকলে ৩৭ নং ৰাষ্ট্ৰীয় পথত চলাচল কৰা যান-বাহনৰ ওপৰত নজৰ দিয়াৰ লগতে কাৰ্বি পাহাৰলৈ যোৱা বন্যজন্তুবোৰৰ ওপৰতো ২৪ ঘণ্টাই চকু ৰাখিব বুলি জনায় উদ্যানৰ ডিএফঅ' ৰমেশ কুমাৰ গগৈয়ে ৷ তদুপৰি কাৰ্বি পাহাৰত বন্যজন্তুৰ সুৰক্ষাৰ বাবে কাৰ্বি আংলং আৰক্ষী আৰু বন বিভাগৰ সৈতে আলোচনা কৰি যুটীয়াভাৱে সেৱা আগবঢ়াব উদ্যান কৰ্তৃপক্ষই ৷
Comments