গুৱাহাটী,২০ জুন: কেন্দ্ৰীয় চৰকাৰৰ যুগান্তকাৰী 'অগ্নিপথ' আঁচনিক লৈ ভাৰত বৰ্ষৰ যুৱক সকলৰ মাজত যথেষ্ট অসন্তুষ্টি প্ৰকাশ পাইছে।আঁচনিখনৰ বিৰুদ্ধে সমগ্ৰ দেশজুৰি সৃষ্টি হোৱা হিংসাত্মক প্ৰতিবাদ কিছু শাম কটাৰ পিছত পুনৰ পৰিস্থিতি উত্তপ্ত হৈ পৰিছে। বিৰোধী দলবোৰে নিৰন্তৰে এই আঁচনি খনৰ পৰিকল্পনাক লৈ চৰকাৰক তীব্ৰ সমালোচনা কৰি থকাৰ মাজতে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কৈলাশ বিজয়বৰ্গীয়ে এই সন্দৰ্ভত এক বিতৰ্কিত মন্তব্য কৰিছিল।
তেওঁ কয়, "মই বিজেপি কাৰ্যালয়ত নিৰাপত্তাৰ বাবে অগ্নিবীৰকহে অগ্ৰাধিকাৰ দিম।আমেৰিকা যুক্তৰাষ্ট্ৰ, চীন আৰু ফ্ৰান্সত চুক্তিৰ ভিত্তিত সেনাবাহিনীত নিযুক্তি দিয়া প্ৰথা আছে। আমাৰ সেনাৰ অৱসৰৰ বয়স অধিক। চৰকাৰে ইয়াক হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে। সেয়া অতি আদৰণীয় কথা।'
ইফালে, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ বক্তব্যই এই বিতৰ্কক অধিক উত্তপ্ত কৰি তুলিছে।কৈলাশ বিজয়বৰ্গীয়ৰ বক্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে টুইট কৰি কয়, "দেশৰ যুৱক-যুৱতী আৰু সেনা জোৱানসকলক ইমান অপমান নকৰিব।
আমাৰ দেশৰ যুৱক-যুৱতীসকলে শাৰীৰিক উত্তীৰ্ণ হ'বলৈ দিন-ৰাতি পৰিশ্ৰম কৰে, পৰীক্ষাত উত্তীৰ্ণ হয় কিয়নো তেওঁলোকে সেনালৈ গৈ গোটেই জীৱন দেশৰ সেৱা কৰিব বিচাৰে,এই কষ্ট বিজেপিৰ কাৰ্যালয়ৰ বাহিৰত পহৰা দিবৰ বাবে তেওঁলোকে নকৰে।"
Comments