গুৱাহাটী,১৯ জুন: দেশজুৰি প্ৰতিবাদ অব্যাহত থকা কেন্দ্ৰীয় চৰকাৰৰ 'অগ্নিপথ' আঁচনিৰ সমর্থনত এইবাৰ ওলাই আহিছে কংগনা ৰাণাৱট। বলীউডৰ অভিনেত্ৰীগৰাকীয়ে কয় যে এই আঁচনিত ধন উপার্জন বা সংস্থাপন প্ৰদানতকৈও এক গভীৰ অৰ্থ লুকাই আছে।
ইতিমধ্যে বিভিন্ন মন্তব্যৰে মোডী চৰকাৰৰ সমৰ্থকৰূপে চিহ্নিত হোৱা মোহময়ী অভিনেত্ৰীগৰাকীয়ে কালি এটা ইনস্টাগ্রাম পোষ্টত কয় যে ইজৰাইলৰ দৰে বহু দেশত কেইবছৰমানৰ বাবে যুৱ-প্ৰজন্মক সামৰিক প্রশিক্ষণ প্রদান বাধ্যতামূলক কৰা হৈছে। ইয়াৰ জৰিয়তে নৱ-প্ৰজন্মই শৃংখলাবদ্ধতা, ৰাষ্ট্ৰীয়তাবাদ আৰু দেশৰ সীমান্ত ৰক্ষাৰ মূল্য শিকিব।
কংগনা ৰাণাৱটে অগ্নিপথ আঁচনিক পুৰণি গুৰুকুল শিক্ষা পদ্ধতিৰে তুলনা কৰি কয় যে বৰ্তমানৰ বহু যুৱক ড্রাগ্ছ, পাবজিক লৈ ধ্বংসৰ ফালে গতি কৰিছে। সেয়েহে এওঁলোকৰ সংশোধনৰ প্ৰয়োজন আছে।
এনে পদক্ষেপৰ বাবে কেন্দ্ৰীয় চৰকাৰক ধন্যবাদো জনায় অভিনেত্ৰীগৰাকীয়ে। উল্লেখ্য, যোৱা ১৪ জুনত এই আঁচনি ৰাজহুৱা কৰাৰ পাছতে সমগ্ৰ দেশত প্ৰতিবাদৰ জোৱাৰ উঠিছে।
Comments