গুৱাহাটী,২০ জুন : ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান,নলবাৰী আৰু ১০৮ মৃত্যুঞ্জয় সেৱাৰ যৌথ উদ্যোগত ১৯ জুন তাৰিখে নলবাৰীত বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰে । জিলাখনৰ বানাক্ৰান্ত ৰাইজৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ গ্ৰহণ কৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়ববীয়াই । ভ্ৰাম্যমাণ ১০৮ বাহনখনে বিভিন্ন আশ্ৰয় শিবিৰত গৈ ৰাইজক স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বানপানীৰ সময়ত ল'বলগীয়া সাৱধানতাৰ বিষয়ে ৰাইজক অৱগত কৰে । জিলা মিডিয়া বিষয়া পলাশ জ্যোতি বৰা,জৰুৰীকালীন ব্যৱস্থাপক আনোৱাৰ হুছেইনকে প্ৰমূখ্য কৰি স্বাস্থ্য কৰ্মীৰ দলটোৱে প্ৰদান কৰা সেৱাৰ বাবে ৰাইজে যথেষ্ট সন্তোষ প্ৰকাশ কৰিছে।
স্বাস্থ্য শিৱিৰৰ সফল ৰূপায়নৰ পিছত জিলা মিডিয়া বিষয়া পলাশ জ্যোতি বৰাই কয়,"এই দুৰ্যোগৰ সময়ত স্বাস্থ্য বিভাগ ৰাইজৰ লগত সদায়ে আছে । স্বাস্থ্য সম্বন্ধীয় যিকোনো অসুবিধা হ'লে আমাক অৱগত কৰক । আমি ৰাইজক গুণগত সেৱা প্ৰদান কৰিবলৈ বদ্ধপৰিকৰ । এনে ধৰণৰ সেৱা আমি অনাগত সময়ত আৰু বৃদ্ধি কৰিম । " বানপানীৰ পৰিপেক্ষিতত যোগাযোগ ব্যাহত হোৱা স্বত্বেও ৰাইজক সেৱা কৰিবলৈ অহা বাবে এই অঞ্চলৰ সমূহ জনগণৰ হৈ স্বাস্থ্য বিভাগক ধন্যবাদ জ্ঞাপন কৰে নলবাৰীৰ জনতাই । এই স্বাস্থ্য শিবিৰত অংশগ্ৰহণ কৰা সকলোকে বিশেষকৈ ১০৮ মৃত্যুঞ্জয় সেৱাৰ জিলা ভাৰপ্ৰাপ্ত বিষয়া অলকেশ তালুকদাৰক জিলা মিডিয়া বিষয়া গৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰে ।
Comments