Classifieds
View All
গুৱাহাটী,২০ জুন: বিগত কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যজুৰি অব্যাহত আছে বানৰ বিভীষিকা । খাদ্য-খোৱা পানীৰ বাবে হাহাকাৰ কৰিছে বানপীড়িত জনতাই । ৰাজ্যৰ আন জিলাৰ লগতে নলবাৰীতো অতি ভয়াবহ হৈ পৰিছে বান পৰিস্থিতি । জলবন্দী হৈ পৰিছে হাজাৰ হাজাৰ জনতা । ফলত জিলাখনৰ অধিকাংশ শিক্ষানুষ্ঠানতেই এতিয়া আশ্ৰয় শিৱিৰ স্থাপন কৰা হৈছে ।
শিক্ষানুষ্ঠানসমূহলৈ যোৱাৰ বিষয়ে ভাবিবই পৰা নাই শিক্ষাৰ্থীয়ে।বান আৰু প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতি লক্ষ্য ৰাখি নলবাৰী জিলা প্ৰশাসনে এক জাননীযোগে সোমবাৰৰ পৰা ২২ জুনলৈকে শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা কৰিছে । নলবাৰী জিলাৰ কোনো লোক তথা শিক্ষাৰ্থীয়ে যাতে বান বিভীষিকাত ক্ষতিগ্ৰস্ত নহয় তাৰ বাবে প্ৰশাসনে নলবাৰীৰ সকলো শৈক্ষিক অনুষ্ঠান বন্ধ ৰখাৰ নিৰ্দেশ দিছে ।
Comments