গুৱাহাটী,২০ জুন:যোগ হৈছে সম্পূৰ্ণ আধ্যাত্মিক বিজ্ঞান। যিয়ে মন আৰু দেহৰ মাজৰ স্থিতিস্থাপকতা ৰক্ষা কৰে । সুস্থ দেহৰ কলা আৰু বিজ্ঞানৰ মাজৰ সম্বন্ধই হৈছে যোগ । যোগ শব্দটো সংস্কৃত শব্দ 'য়ুজ' ৰ পৰা আহিছে,ইয়াৰ অৰ্থ হৈছে একত্ৰিত কৰা । আধুনিক বিজ্ঞানী সকলৰ মতে বিশ্বব্ৰহ্মাণ্ড হৈছে একে মাত্ৰাৰ আকাশ সদৃশ অভিব্যক্তি ।
এই একাকীত্বত বিশ্বাস কৰা মানুহ বোৰেই হৈ পৰে যোগী,সেইবাবে যোগৰ মূল উদ্দেশ্য হৈছে আত্ম-সন্তুষ্টি,দেহৰ আভ্যন্তৰীণ দ্বন্দৰ পৰা মুক্তি আৰু স্বতন্ত্ৰ সময়ৰ শাৰীৰিক উদযাপন । যোগ এক প্ৰকাৰৰ আভ্যন্তৰীণ বিজ্ঞান যি বিজ্ঞানে মানুহক অতীত,বৰ্তমান আৰু ভৱিষ্যতৰ সুস্থ চিন্তাৰ মাজেৰে নিজৰ লক্ষ্যস্থানত উপনীত হোৱাৰ বাবে মনক শক্তি প্ৰদান কৰে আৰু পথ প্ৰদৰ্শন কৰে।
যোগাভ্যাস সিন্ধু সৰস্বতী সভ্যতাৰ পৰাই মানুহে কৰি আহিছে । আচলতে যোগী সকলৰ মতে মহাদেৱ যোগৰ প্ৰথম গুৰু অৰ্থাৎ আদিগুৰু । বহু সহস্ৰ বছৰ আগতে হিমালয়ৰ কান্তি সৰোবৰৰ পাৰত আদিযোগীয়ে সপ্তৰ্ষিৰ লগত যোগৰ জ্ঞানৰ কথা আলোচনা কৰিছিল । সিন্ধু সৰস্বতী সভ্যতাৰ ধংসৱশেষ বা শিলালিপিত অংকিত হৈ থকা যৌগিক সাধনাৰ দৃশ্যই এয়ে প্ৰতিপন্ন কৰে যে যোগ সাধনা এটা অতি পুৰণি সৃষ্টি । যোগ সাধনাৰ কথা লোক সংস্কৃতি,সিন্ধু সভ্যতা,বৈদিক আৰু উপনিষদৰ পাতত,দৰ্শন,মহাভাৰত বা ৰামায়ণ,শিৱ পূৰাণ,বৈষ্ণৱ,তন্ত্ৰ পুৰাণৰ উপৰিও বুদ্ধ আৰু জৈন ধৰ্মৱালম্বীৰ গ্ৰন্থবোৰত উল্লেখ আছে।
সূৰ্য্যক বৈদিক কালত আটাইতকৈ বেছি গুৰুত্ব দিয়া হৈছিল,সূৰ্য্য নমস্কাৰৰ সৃষ্টিৰ আৰত হয়তো এই মতবাদটোৱে আছিল । যোগ উপাসনাৰ সময়ত কৰা হৈছিল যাতে উপাসনাত মন আৰু দেহ একত্রিত হৈ থাকে আনহাতে প্ৰনায়াম যজ্ঞৰ সময়ত কৰা হৈছিল । এই গোটেই প্ৰক্ৰিয়া সম্পূৰ্ণ আধ্যাত্মিক হয়। যোগ প্ৰাক-বৈদিক কালত অনুশীলন কৰা হৈছিল কিন্তু মহৰ্ষি পটঞ্জলিৰ দ্বাৰাহে যোগ সূত্ৰ বোৰৰ অৰ্থ বুজাই মানুহক ইয়াৰ সাধাৰণ জ্ঞান দিয়া হৈছিল যাতে সকলোৱে ইয়াক সুন্দৰকৈ আয়ত্ব কৰি লব পাৰে। পটঞ্জলিৰ পিছত বহুতো ঋষি আৰু মহাঋষিয়ে যোগ সাধনাৰ ক্ষেত্ৰত নিজৰ নিজৰ অৱদান আগবঢ়াই গৈছিল ।
আনুমানিক ৫০০শৰ পৰা ৮০০শ শতিকাৰ মাজৰ সময় খিনিয়ে আছিল যোগৰ উন্নয়নৰ সময়,এই সময়তে ব্যাসে যোগ সূত্ৰৰে ভগবৎ গীতাৰ মতামত আগবঢ়াইছিল । ভাৰতত যোগৰ এই সময়খিনিক দুটা মূল ধৰ্মগুৰুক সমৰ্পিত কৰিব পাৰি এজন হৈছে মহাবীৰ আৰু আনজন বুদ্ধ । মহাবীৰৰ পঞ্চ মহাভাৰত আৰু বুদ্ধৰ অষ্ট আংগিক মাৰ্গৰ দ্বাৰা যোগ সাধনাৰ প্ৰতিষ্ঠা হৈছিল । ভগবৎ গীতাত জ্ঞান যোগ,ভক্তি যোগ আৰু কৰ্ম যোগৰ বিষয়ে বিস্তৃত ভাবে উল্লেখ আছে।
Comments