নলবাৰী,১৭ জুন: ৰাজ্যৰ চৌদিশে ৰাইজৰ হাহাকাৰ।বানত ককবকাইছে জনতাই।ঠায়ে ঠায়ে নদীৰ মথাউৰি ছিগি বাঢ়নী পানীয়ে বুৰাই পেলাইছে কৃষিভূমিৰ লগতে বিস্তীৰ্ণ অঞ্চল।নলবাৰীৰ ভিন্ন প্ৰান্তৰ লগতে পশ্চিম নলবাৰীতো অব্যাহত আছে বানৰ তাণ্ডৱ।অঞ্চলটোৰ কেবাঠাইতো মথাউৰি ছিগি প্লাৱিত হৈছে বিস্তীৰ্ণ অঞ্চল।ওখ ঠাই,বিদ্যালয় গৃহত ৰাইজে লৈছে আশ্ৰয়।
ৰাইজৰ এই দূৰ্দশাৰ সময়ত ৰাইজৰ কাষত থিয় দিলে বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।মন্ত্ৰীগৰাকীয়ে বাণেকুছি হাইস্কুলত প্ৰশাসনে স্থাপন কৰা আশ্ৰয় শিবিৰত উপস্থিত হৈ বন্যাৰ্তৰ ল'লে খবৰ ।ইয়াৰ উপৰিও নিজ সমষ্টিৰ বৰগাছা,ৰাজাখাট বাণেকুছিকে ধৰি ভিন্ন অঞ্চল পৰিদৰ্শন কৰি বন্যাৰ্ত ৰাইজৰ সৈতেও মত বিনিময় কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।মন্ত্ৰী গৰাকীয়ে অতিশীঘ্ৰে বন্যাৰ্ত ৰাইজক সাহায্য প্ৰদান কৰা হ'ব বুলিও নিশ্চিতি প্ৰদান কৰে।
Comments