গুৱাহাটী,১৭ জুন:বাৰটা বিভিন্ন সেৱাৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ই-সেৱা প'ৰ্টেল মুকলি কৰা হৈছে । উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সৈতে সম্পৰ্কিত ১২টা অনলাইন-সেৱা প্ৰদানৰ বাবে এই প'ৰ্টেল মুকলি কৰা হৈছে। আজি উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ কাৰ্যালয়ত আয়োজন কৰা এক অনুষ্ঠানত এই সেৱা আনুষ্ঠানিকভাৱে মুকলি কৰে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ।বাৰটা সেৱাৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ই-সেৱা পৰ্টেল মুকলি এই সেৱাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী তথা শিক্ষা সংসদৰ সকলো বিষয়া-কৰ্মচাৰীয়ে ডিজিটেল মাধ্যমেৰে উচ্চতৰ মাধ্যমিক শিক্ষাৰ সমগ্ৰ প্ৰণালী বজাই ৰখাৰ লক্ষ্য ৰাখিব ।
অনুষ্ঠানত শিক্ষা বিভাগ আৰু সংসদৰ বিষয়ববীয়াসকল উপস্থিত আছিল ।অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ই-সেৱাৰ অধীনত লাভ কৰা সেৱাসমূহ হৈছে:
1. পঞ্জীয়ন প্রমাণপত্র সংশোধন
2. ডুপ্লিকেট পঞ্জীয়ন প্ৰমাণপত্ৰ প্ৰদান কৰা
3. প্ৰব্ৰজন প্ৰমাণপত্ৰ প্ৰদান কৰা
4. ডুপ্লিকেট প্ৰব্ৰজন প্ৰমাণপত্ৰ প্ৰদান কৰা
5. উচ্চতৰ মাধ্যমিকত প্ৰথম বৰ্ষত নামভৰ্তিৰ বাবে বিলম্বৰ (GAP) অনুমতি
6. এইচ এছ দ্বিতীয় বৰ্ষত নিয়মীয়া শিক্ষাৰ্থীৰ স্থানান্তৰ
7. এডমিট কার্ড সংশোধন
8. উত্তীৰ্ণৰ প্ৰমাণপত্ৰ সংশোধন
9. মাৰ্কশ্বীটৰ সংশোধন
10. ডুপ্লিকেট এডমিট কার্ড প্ৰদান কৰা
11. উত্তীৰ্ণৰ ডুপ্লিকেট প্ৰমাণপত্ৰ প্ৰদান কৰা
12. ডুপ্লিকেট মার্কশ্বীট প্ৰদান কৰা ।
Comments