গুৱাহাটী, ১৮ জুনঃ সমগ্ৰ বিশ্বতে খাদ্য প্ৰেমীসকলৰ বাবে বহুতো মন পছন্দৰ ঠাই আছে। এনে বহুতো ৰেষ্টুৰেণ্ট আছে, য'ত খাদ্যৰ লগতে, আন বহুতো বস্তু বিখ্যাত। ঠিক এনে এখন ৰেষ্টুৰেণ্ট এনে আছে যাৰ অদ্ভুত ৰীতি-নীতিয়ে ইয়াক বিশেষ কৰি তোলে। কিয়নো এই ৰেষ্টুৰেণ্ট খনলৈ অহা মানুহে ৰেষ্টুৰেণ্টখনৰ দেৱাল চেলেকিব ধৰে।
দেৱালখন চেলেকা কথাটো সকলোৰে বাবে আচৰিত যেন লাগিলেও, এইটো সম্পূৰ্ণ সঁচা কথা। এই ৰেষ্টুৰেণ্টখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ এৰিজোনা চহৰত আছে। য'ত স্কটছডেল (পুৰণি চহৰ স্কটছডেল) নামৰ এখন ঠাই আছে। এই এলেকাত 'দ্য মিছন' নামৰ এখন ৰেষ্টুৰেণ্ট আছে, য'ত দৰ্শনাৰ্থীসকলক খাদ্যৰ সৈতে ৰেষ্টুৰেণ্টৰ দেৱাল চেলেকি চাব দিয়া হয়।
দৰাচলতে, এই দেৱালখন অলপ বিশেষ। সেইকাৰণে আমেৰিকাৰ মিছন ৰেষ্টুৰেণ্টখনে তেওঁলোকৰ গ্ৰাহকসকলক দেৱাল চেলেকিবলৈ উৎসাহিত কৰে। প্ৰকৃততে এই দেৱালখন ১৭ বছৰ আগতে নিৰ্মাণ কৰা হৈছিল। এই সুস্বাদু দেৱালখন গোলাপী হিমালয়ৰ নিমখ অৰ্থাৎ গোলাপী নিমখ (ৰেষ্টুৰেণ্টৰ হিমালয় ৰক চল্ট ৱাল)ৰ পৰা তৈয়াৰ কৰা হৈছে।
বাতৰি অনুসৰি, এই সুস্বাদু গোলাপী হিমালয়ৰ নিমখ দেৱালখন ৰেষ্টুৰেণ্টখনৰ মুখ্য ৰান্ধনীজনে ইয়ালৈ আনিছিল, যি এতিয়া বিখ্যাত হৈ পৰিছে। কোৱা হয় যে ইয়াৰ সোৱাদ এতিয়াও ১৭ বছৰ ধৰি অক্ষত আছে। এইকাৰণেই ৰেষ্টুৰেণ্টলৈ অহা সকলোৱে এই সুস্বাদু দেৱালখন চেলেকি চায়।
লক্ষণীয় কথাটো হ'ল যে মানুহৰ মনত প্ৰশ্ন উত্থাপিত হয় যে দেৱালখন চেলেকিলে কোনো ৰোগ নহয় নেকি? এই প্ৰশ্নৰ সন্দৰ্ভত ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষই কৈছে যে, "গোলাপী হিমালয়ৰ নিমখৰে নিৰ্মিত এই দেৱালখনত বীজাণু নাশ কৰাৰ গুণাগুণ আছে, যাৰ ফলত ৰোগ বিয়পাৰ কোনো আশংকা নাই। অৱশ্যে, তথাপি আমাৰ কৰ্মচাৰীসকলে এই দেৱালখন প্ৰতিদিনে মচি পৰিষ্কাৰ কৰি থাকে।"
Comments