গুৱাহাটী, ১৮ জুনঃ যদি কোনোবাই ইন্সটেন্ট নুডলছ খাবলৈ ভাল পায় তেন্তে সেই লোকসকলৰ বাবে এটা বেয়া খবৰ আহিছে। কিয়নো, সমগ্র বিশ্বতে নুডলছৰ সংকট ক্ৰমান্বয়ে গভীৰ হৈ পৰিছে। যাৰ বাবে, ইয়াৰ মূল্য একেৰাহে বৃদ্ধি হৈ আছে। মূল্য বৃদ্ধিৰ কাৰণ হৈছে বিশ্বত ঘেঁহুৰ বৰ্ধিত ব্যয়, বিদ্যুত আৰু পৰিবহনৰ ওপৰত ব্যয় বৃদ্ধি।
ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ পৰা সঠিক কাৰণটো ওলাই আহিছে, যাৰ ফলত পৰিস্থিতি অধিক বেয়া হৈ পৰিছে। ইয়াৰ উপৰিও, যোৱা বছৰ খৰাং, বান পানী আৰু ক'ৰনাৰ বাবে, চীনৰ ঘেঁহুৰ মূল্য ৩০ শতাংশলৈকে বৃদ্ধি পাইছে। বিশেষ প্ৰতিবেদন অনুসৰি, চীন হৈছে নুডলছৰ সৰ্ববৃহৎ উপভোক্তা। কিন্তু, চীনে দুবছৰত আটাইতকৈ তীব্ৰ খাদ্য মুদ্ৰাস্ফীতিৰ সন্মুখীন হৈছে।
বিশ্বব্যাপী কৰ’না ভাইৰাছৰ প্ৰাদুৰ্ভাৱ আৰু যোগান শৃংখলাত হোৱা বিভ্ৰান্তিৰ বাবে ঘেঁহুৰ মূল্য ইতিমধ্যে যথেষ্ট বৃদ্ধি পাইছে। অৱশ্যে, ইউক্ৰেইনৰ যুদ্ধৰ বাবে, ইয়াৰ নৱেম্বৰৰ মূল্য প্ৰায় ২৬০ ডলাৰ প্ৰতি টনৰ পৰা দুগুণ বৃদ্ধি হৈ এই বছৰৰ মে’ মাহৰ মাজভাগত প্ৰায় ৪৭৫ ডলাৰ প্ৰতি টন হৈছে। অষ্ট্ৰেলিয়াৰ থমাছ এল্ডাৰ মাৰ্কেটছৰ এণ্ড্ৰিউ হোৱাইটল'ৰ মতে, ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণে বজাৰৰ পৰা ৩০ শতাংশ ঘেঁহু ৰপ্তানি এক মূহুর্ততে আঁতৰাই পেলাইছিল।
ইপিনে, চীনা পৰামৰ্শদাতা মাইষ্টীলে কৈছে যে, "এই বছৰৰ আৰম্ভণিৰ পৰা, চীনত ইতিমধ্যে পৰিশোধিত ময়দাৰ মূল্য ১০ শতাংশ বৃদ্ধি পাইছে। প্ৰতিষ্ঠানটোৰ মতে, মূল্য আৰু অধিক বৃদ্ধি হ'ব পাৰে। একে সময়তে, নুডলছৰ সৰ্ববৃহৎ জনমূৰি উপভোক্তা দক্ষিণ কোৰিয়াত ঘেঁহুৰ আমদানি মূল্য ৪০০ ডলাৰ প্ৰতি টনলৈ বৃদ্ধি হৈছে, যি যোৱা ১৩ বছৰত সৰ্বাধিক।
ঠিক তেনেদৰে, জাপানত চোবা নুডলছ নামৰ ব্যঞ্জন তৈয়াৰ কৰিবলৈ ব্যৱহৃত বাক হুইটৰ অভাৱে উদ্বেগৰ সৃষ্টি কৰিছে। ইণ্ডোনেছিয়াই এই সম্ভাৱ্য নুডল শ্বকৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰিছে। দেশখনৰ অৰ্থনৈতিক মন্ত্ৰীয়ে চুইজাৰলেণ্ডৰ দাভোছত অনুষ্ঠিত বিশ্ব অৰ্থনৈতিক মঞ্চৰ সন্মিলনত এই বিষয়টো উত্থাপন কৰে।
মেলবৰ্ণ বিশ্ববিদ্যালয়ৰ যোগান শৃংখলা বিশেষজ্ঞ ড. মেডো পুৰেণ্ডাৰে ভৱিষ্যতবাণী কৰিছে যে ঘেঁহুৰ মূল্য আৰু বৃদ্ধি হ'ব পাৰে। তেওঁৰ মতে, ৰাছিয়া-ইউক্ৰেইন যুদ্ধ এতিয়াও সমাপ্ত হোৱাৰ কোনো লক্ষণ দেখা পোৱা নাই, যাৰ বাবে নুডলছ সংকট অব্যাহত থাকিব।
Comments