Cartoon
View Older
গুৱাহাটী, ২২ জুনঃ বিশেষ প্ৰতিবেদন অনুসৰি, নগালেণ্ডৰ অটিংত অসামৰিক লোকৰ হত্যাত নাম থকা ভাৰতীয় সেনা জোৱানসকলৰ কোনো অসামৰিক বিচাৰ নহ'ব আৰু সেনাই তেওঁলোকৰ বিচাৰ প্ৰক্ৰিয়া কৰিব বুলি জানিব পৰা গৈছে।
ভাৰতীয় সেনাৰ ২১ টা পেৰা বিশেষ বাহিনীৰ সৈনিকসকল ২০২১ চনৰ ডিচেম্বৰত সংঘটিত অভিযানত জড়িত আছিল যাৰ ফলত নগালেণ্ডৰ অটিংত ১৪ জন নাগৰিকৰ মৃত্যু হৈছিল।
তেওঁলোকক এতিয়া সেনাই আভ্যন্তৰীণভাৱে বিচাৰ কৰিব বুলি বিশেষ সূত্ৰযোগে জানিব পৰা গৈছে।
প্ৰতিবেদনখনত এইটোও উল্লেখ কৰা হৈছে যে, "বিশেষ তদন্ত কাৰী দলে দাখিল কৰা অভিযোগপত্ৰখনত সৈনিকসকলে অভিযানটোত "নিৰীহ গাওঁবাসীক হত্যা কৰাৰ উদ্দেশ্যৰে" কৰা হৈছিল।
Comments