গুৱাহাটী, ২২ জুনঃ অভিনেত্ৰী জেনেলিয়া দেশমুখে ছয় সপ্তাহৰ দীঘলীয়া ফিটনেছ যাত্ৰাৰ বাবে সৈজু হৈছে। লগতে অভিনেত্রী গৰাকীয়ে ফিটনেছৰ এই সপ্তাহবোৰত ৰুটিন অনুসৰি চলা আৰু কমেও এঘণ্টা সময় নিজক দিব বুলি কয়।
ইপিনে, তেওঁ নিজৰ কাৰ্য পৰিকল্পনাৰ বিষয়ে কয় যে, "স্বাস্থ্যৱান হৈ থকা মানে হৈছে নিজকে জনা আৰু নিজৰ সমস্যাৰ ক্ষেত্ৰত কাম কৰা। এই ছয় সপ্তাহ মই ৰুটিন অনুসৰি চলিম আৰু কমেও এঘণ্টা সময় নিজক দিবলৈ সাজু হৈছো।
ইপিনে, অভিনেতা ৰিতিশ দেশমুখৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা আৰু দুজন ল'ৰাৰ মাক হোৱা অভিনেত্ৰীগৰাকীয়ে এইদৰে কৈছিল যে, "এগৰাকী মাক হিচাপে মই অনুভৱ কৰোঁ যে সময়ত নিজৰ লগতে পৰিয়ালক মনোযোগ দিয়াটো সঁচাকৈয়ে গুৰুত্বপূৰ্ণ।"
"মই অনুভৱ কৰোঁ যে ফিটমেছৰ এই যাত্ৰাত সকলো বাধাৰ সৈতে আগবাঢ়ি যাব বিচাৰো আৰু কেৱল ফিটনেছক গ্লেমাৰাইজ কৰা বা ইয়াক শৰীৰক এক নিৰ্দিষ্ট আকাৰ বা আকৃতিত সীমাবদ্ধ কৰাই নহয়, বৰঞ্চ এই প্ৰক্ৰিয়াটোৰ জৰিয়তে কৰা, নিজকে পুনৰ আৱিষ্কাৰ কৰা হ'ব।
সেয়া লগা হ'লে শক্তি, চেহেৰা, অধ্যৱসায় বা কঠোৰ পৰিশ্ৰমৰ জৰিয়তে হওঁক।"
"মই প্ৰায়ে মোৰ সন্তানক তেওঁলোকৰ নিজৰ মানদণ্ড নিৰ্ধাৰণ কৰিবলৈ আৰু তেওঁলোকৰ নিজা প্ৰতিভা বিকশিত কৰিবলৈ কওঁ, সেয়েহে মই ইয়াক পালন কৰা আৰম্ভ কৰাৰ সময় আহি পৰিছে। এইটো এতিয়া কেনেদৰে হয়, সেয়া চাবলৈ মঅ অতি উৎসাহিত আৰু উদ্বিগ্ন হৈ আছোঁ।"
Comments