গুৱাহাটী,২২ জুন:আফগানিস্তানত হোৱা শক্তিশালী ভূমিকম্পত কমেও ৯২০ জন লোক নিহত হোৱাৰ উপৰিও ৬০০ জন লোক আহত হৈছে।ছ'চিয়েল মিডিয়াত ব্যাপক ভাৱে শ্বেয়াৰ হোৱা পোষ্টবোৰত আফগানিস্তানৰ ভয়াবহ স্বৰূপ প্ৰতিফলিত হৈছে।ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাৱল্য আছিল ৬.১ । ভূমিকম্পৰ ফলত ইতিমধ্যে আফগানিস্তানৰ ওপৰিও পাকিস্তানত চৰকাৰী ঘোষণাতকৈ অধিক লোকৰ মৃত্যু হোৱা বুলি অনুমান কৰা হৈছে লগতে এই প্ৰচণ্ড ভূমিকম্পৰ উৎস পৃথিৱীৰ পৃষ্ঠৰ পৰা ৫১ কিলোমিটাৰ গভীৰতাত থকা বুলি প্ৰকাশ পাইছে। বুধবাৰে পুৱতি নিশা পাকিস্তান আৰু আফগানিস্তানত অহা এই ভূমিকম্পটোৱে প্ৰায় ৫০০ কিলোমিটাৰ এলেকা কঁপাই তুলিছিল।
আফগানিস্তানৰ ৰাজধানী কাবুল আৰু পাকিস্তানৰ ৰাজধানী ইছলামাবাদতো ভূমিকম্পৰ সাধাৰণ কম্পন অনুভৱ কৰা হৈছিল। আফগানিস্তানৰ চৰকাৰী মুখপাত্ৰ বিলাল কৰিমীয়ে পৰিস্থিতিৰ কথা বৰ্ণনা কৰি টুইটাৰত কয়, "দুৰ্ভাগ্যবশতঃ যোৱা নিশা হোৱা তীব্ৰ ভূমিকম্পত আফগানিস্তানৰ প্ৰত্যেকটো প্ৰদেশৰ লগতে মূল চাৰিখন জিলাত শ শ লোকৰ মৃত্যু হৈছিল আৰু বহুতো ঘৰ ধ্বংস হৈছিল।"
Comments