গুৱাহাটী, ২২ জুনঃ গুগলৰ সহ-প্ৰতিষ্ঠাপক আৰু বিশ্বৰ ষষ্ঠ ধনী ব্যক্তি ছেৰ্গেই ব্ৰিনে তেওঁৰ পত্নী নিকোল শ্বানাহানৰ পৰা ৩ বছৰীয়া বৈবাহিক সম্পৰ্কৰ অন্তত বিচ্ছেদৰ বাবে আবেদন কৰিছে। শেহতীয়াকৈ পত্নীক বিবাহ বিচ্ছেদ দিয়া তেওঁ তৃতীয় গৰাকী কোটিপতি ব্যক্তি হিচাপে পৰিগণিত হৈছে।
আদালতত দাখিল কৰা আৱেদনত ব্ৰিনে ’অমীমাংসিত পাৰ্থক্য’ৰ উদ্ধৃতি দিছে। দম্পতীহালৰ এটা তিনি বছৰীয়া পুত্ৰ আছে। অৱশ্যে, তেওঁলোকে বিবাহ বিচ্ছেদৰ কাৰণবোৰ ব্যক্তিগত কৰি ৰাখিবলৈ সিদ্ধান্ত লৈছে।
তেওঁলোক দুয়ো ২০১৮ চনত বিবাহপাশত আৱদ্ধ হৈছিল, কিন্তু বিবাহৰ ৩ বছৰৰ পিছত, তেওঁলোকৰ পথ বেলেগ হৈ পৰে। কোটিপতিজনে ১৩.৫ নিযুতত ঘৰ এটা ক্ৰয় কৰাৰ কেইদিনমান পিছতে বিবাহ বিচ্ছেদৰ বিষয়টো উপস্থাপন হৈছে।
বিশেষ প্ৰতিবেদন অনুসৰি, ৪৮ বছৰীয়া ব্ৰিনৰ মুঠ সম্পত্তিৰ মূল্য ৯৪ বিলিয়ন ডলাৰ।
নিকোল আৰু ব্ৰিনে ১৯৯৮ চনত এলফাবেট (Alphabet) নামৰ কোম্পানীটো গঠন কৰিছিল। তাৰ পিছত তেওঁ আৰু নিকোল দুয়োজনে ২০১৯ চনত কোম্পানীটো এৰি দিছিল৷ যদিও তেওঁলোক দুয়ো পৰিষদৰ সদস্য হৈ আছে আৰু এতিয়াও কোম্পানীটোৰ অংশীদাৰ।
ইয়াৰ কিছু মাহ আগতে বিল গেইটছ আৰু মেলিণ্ডা ফ্ৰেঞ্চ গেইটছেও বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰিছিল। এইবোৰৰ উপৰিও, জেফ বেজোছ আৰু মেকেঞ্জি স্কটৰো তিনি বছৰ আগতে বিবাহ বিচ্ছেদ হৈছিল।
Comments