গুৱাহাটী, ২২ জুনঃ এজন মানুহে ২০ বছৰ ধৰি প্ৰতিদিনে প্ৰায় ৩০ টা শীতল পানীয়ৰ কেন পান কৰি আহিছে বুলি দাবী কৰিছে।
ঘটনা অনুসৰি, ব্ৰিটেইনৰ এখন চুপাৰমাৰ্কেটত কাম কৰা এই কৰ্মচাৰীজনে এই শীতল পানীয়ৰ বাবদ প্ৰতি বছৰে প্ৰায় ৮,৫০০ ডলাৰ অৰ্থাৎ ৬ লাখ ২৩ হাজাৰ টকা খৰচ কৰি আহিছে। তেওঁ কৈছে যে, "মই অৱশেষত সম্মোহন চিকিৎসাৰ সহায়ত এই অভ্যাসটো ত্যাগ কৰিছোঁ।"
এণ্ডি কৰি নামৰ এই ব্যক্তিজনৰ বয়স বৰ্তমান ৪১ বছৰ। তেওঁ কৈছে যে, "মই পুৱা ১ লিটাৰ আৰু দিনটোত প্ৰায় ৯ লিটাৰৰ অধিক শীতল পানীয় পান কৰি আহিছোঁ। ২০ বছৰ বয়সতে মই এই আসক্তিত সোমাই পৰিছিলোঁ। তেতিয়াৰ পৰা, মই প্ৰায় ২,১৯,০০০ টা শীতল পানীয়ৰ কেন পান কৰিছোঁ। ইয়াৰ জৰিয়তে মই প্ৰায় ৮,০০০ কিলোগ্ৰাম চেনী খোৱাৰ দৰে হৈছে।
তেওঁ আৰু কৈছে যে, "মই শীতল পানীয়ৰ কেনৰ বাবে দৈনিক প্ৰায় ২৫ ডলাৰ খৰচ কৰিছিলো। সেই অনুসৰি মই প্ৰতি বছৰে ৬ লাখ ২৩ হাজাৰ টকা খৰচ কৰিছো আৰু ২০ বছৰত মুঠ ১ কোটি অধিক ৩২ লাখ ৫০ হাজাৰ টকাতকৈও অধিক ধন ব্যয় কৰিছো। দৰাচলতে, যেতিয়া এই ধনখিনি জমা কৰিলে মই বৰ্তমানলৈ ভাল সম্পত্তিৰ গৰাকী হ'ব পাৰিলোহেঁতেন।"
ইপিনে, এণ্ডিৰ শৰীৰৰ ওজন ২৬৬ পাউণ্ড হোৱাৰ পিছত, তেওঁ অনুভৱ কৰিছিল যে এই অভ্যাসটো এৰি দিয়াৰ সময় আহি পৰিছে। চিকিৎসকসকলেও তেওঁক সতৰ্ক কৰি দিছিল কিয়নো তেওঁৰ মধুমেহ হোৱাৰ আশংকা বাঢ়ি গৈছিল। যাৰ পিছত তেওঁ এই আসক্তি ত্যাগ কৰিছিল আৰু এতিয়া, তেওঁ ব্যায়াম আৰু আহাৰৰ দ্বাৰা ২৮ পাউণ্ড (১২ কিঃগ্ৰাঃ) ওজন হ্ৰাস কৰিবলৈ সক্ষম হৈছে।
তেওঁ লণ্ডনৰ এজন থেৰাপিষ্ট আৰু সম্মোহনবিদ ডেভিদ কিলমুৰীৰ সহায় লৈছিল। কিলমুৰীয়ে কৈছিল যে, "কৰিৰ এৰাই চলিব পৰা প্ৰতিবন্ধক খাদ্য গ্ৰহণ বিকাৰ (এআৰএফআইডি) আছিল। তেওঁ এমাহ ধৰি শীতল পানীয় কেনবোৰ স্পৰ্শ কৰা নাই আৰু তেওঁ এতিয়া পানী খাই ভাল পায়।"
Comments