গুৱাহাটী, ২২ জুনঃ মানুহৰ স্বাস্থ্যৰ বাবে ভাল টোপনি যোৱাটো অতি গুৰুত্বপূৰ্ণ। কিন্তু গ্ৰীষ্মকালত, এনে বহুলোক আছে যাৰ নিশা টোপনি নাহে। ইয়াৰ ফলত তেওঁলোক বহুতো ৰোগৰ কবলত পৰিব পাৰে। সেয়েহে সুস্থ শৰীৰৰ বাবে ভালদৰে শোৱা অতি প্ৰয়োজনীয়।
ভালদৰে টোপনি আহিবৰ বাবে গ্ৰহণ কৰিব লগা পৰামৰ্শবোৰঃ
~ ভৰি তলুৱা মালিচ
নিশা টোপনি যোৱাৰ আগতে সৰিয়হৰ তেলেৰে ভৰিৰ তলুৱা মালিচ কৰিলে ভাল টোপনি আহে। যদি কোনোবাই টোপনিৰ নহাৰ বাবে অসুবিধাত পৰে, তেন্তে তেওঁ শোৱাৰ আগতে প্ৰতি নিশা সৰিয়হৰ তেলেৰে নিজৰ ভৰিৰ তলুৱা মালিচ কৰা উচিত। এনে কৰাৰ দ্বাৰা ভাগৰ আঁতৰি যাব, নিশা খুব ভাল টোপনি আহিব। লগতে, ভৰিৰ তলুৱা মালিচ কৰিলে শৰীৰে সকাহ পায় আৰু মন শান্ত হৈ থাকে।
~ হালধিযুক্ত গাখীৰ
যদি কোনোবাই আৰাম কৰিব বিচাৰে আৰু একে সময়তে ভালদৰে শুব বিচাৰে লগতে গাঁঠি ফুলা, বিষ আদিৰ পৰা পৰিত্ৰাণ পাব বিচাৰে তেন্তে তেওঁ ৰাতি শোৱাৰ আগতে হালধিযুক্ত গাখীৰ খাব। হালধিত এমিনো এচিড থাকে, যাৰ বাবে ইয়াক গাখীৰৰ সৈতে খালে ভাল টোপনি আহে। সেয়েহে, শোৱাৰ ৩০ মিনিট আগতে হালধিযুক্ত গাখীৰ খাব।
~ ধ্যান কৰিব
যদি কাৰোবাৰ নিশা টোপনি যোৱাত সমস্যা হয়, তেন্তে তেওঁ দৈনিক ধ্যান কৰা উচিত। টোপনি নোযোৱাৰ মুখ্য কাৰণ হৈছে উদ্বেগ আৰু মানসিক চাপ। এনে পৰিস্থিতিত, যদি মানুহে দৈনিক ধ্যান কৰে, তেন্তে তেওঁৰ মন শান্ত হৈ থাকিব। কিয়নো ধ্যানে মানুহক ভালদৰে টোপনি যোৱাত সহায় কৰিব।
বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়ুৱৈলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ল'ব।
Comments