গুৱাহাটী,২২ জুনঃআসন্ন আয়াৰলেণ্ড ভ্ৰমণৰ বাবে ভাৰতীয় দলটো ইতিমধ্যে ঘোষণা কৰিছে বি চি চি আয়ে ৷ এতিয়া এই দলটোৱেই ইংলণ্ডৰ বিৰুদ্ধেও তিনিখন টি-২০ মেচৰ শৃংখলাটোত অংশ লোৱাৰ সম্ভাৱনা আছে। উল্লেখ্য যে আয়াৰলেণ্ড ভ্ৰমণত টীম ইণ্ডিয়াই ঘৰুৱা দলটোৰ বিৰুদ্ধে ২৬ আৰু ২৮ জুনত ডাবলিনত দুখন টি-২০ মেচত অংশ ল’ব।
আনহাতে, অহা ৭,৯ আৰু ১০ জুলাইত ইংলণ্ড আৰু ভাৰতৰ মাজত টি-২০ মেচৰ শৃংখলা অনুষ্ঠিত হ'ব। ইংলণ্ড আৰু ভাৰতৰ মাজত অহা একৰ পৰা পাঁচ জুলাইলৈ বার্মিংহামত অনুষ্ঠিত হ’ব টেষ্ট মেচখন৷
১২, ১৪ আৰু ১৭ জুলাইত তিনিখন এদিনীয়া মেচ খেলিব ভাৰত আৰু ইংলণ্ডে ৷ সেয়েহে মূল দলটোক জিৰণি দিয়াৰ লক্ষ্যৰে যুৱ দলটোকে টি-২০ শৃংখলাত সুযোগ দিয়াৰ কথা চিন্তা কৰিছে বি চি চি আয়ে। উল্লেখ্য যে টীম ইণ্ডিয়াক আয়াৰলেণ্ড ভ্ৰমণত নেতৃত্ব দিব তাৰকা অলৰাউণ্ডাৰ হার্ডিক পাণ্ডিয়াই ।
আনহাতে ঘোষিত দলটোত ভাৰতীয় দলৰ সহ-অধিনায়ক হিচাপে বেগী বলাৰ ভুৱনেশ্বৰ কুমাৰক নিৰ্বাচিত কৰা হৈছে। কিন্তু দক্ষিণ আফ্ৰিকা শৃংখলাত ভাৰতীয় দলৰ নেতৃত্বত থকা উইকেটকীপাৰ বেটাৰ ঋষভ পণ্টক আয়াৰলেণ্ড ভ্ৰমণৰ বাবে দলত স্থান দিয়া হোৱা নাই ৷ কাৰণ পণ্ট এই সময়ছোৱাত ইংলেণ্ডৰ বিৰুদ্ধে টেষ্টৰ বাবে ভাৰতীয় দলৰ অংশ হিচাপে থাকিব। কিন্তু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলাত প্ৰথমবাৰৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰা পেচাৰদ্বয় উমৰান মালিক আৰু অৰ্শদ্বীপ সিঙক আয়াৰলেণ্ড ভ্ৰমণৰ বাবে দলত ৰখা হৈছে।
উইকেটৰক্ষক বেটাৰ দিনেশ কার্তিককো আয়াৰলেণ্ড ভ্ৰমণৰ বাবে দলত পুনৰ অন্তৰ্ভুক্ত কৰা হৈছে। ঘোষিত ভাৰতীয় দলটো:হার্দিক পাণ্ডিয়া, ভুৱনেশ্বৰ কুমাৰ, ঈশান কিষণ, ৰিতুৰাজ গায়কোৱাড, সঞ্জু চেমছন, সূর্যকুমাৰ যাদৱ, ভেংকটেশ আয়াৰ, দীপক হুডা, ৰাহুল ত্রিপাঠী, দিনেশ কার্তিক, যুজবেন্দ্র চাহাল, অক্ষৰ পেটেল, ৰবি বিষ্ণয়, হৰ্ষল পেটেল, আভেশ খান,অৰ্শদ্বীপ সিং আৰু উমৰান মালিক।
Comments