গুৱাহাটী,২২ জুন:ইংলণ্ডৰ বিৰুদ্ধে খেলিব লগা টেষ্টখনৰ বাবে ইতিমধ্যে ভাৰতীয় দলে নিজৰ অনুশীলন আৰম্ভ কৰিছে। কিন্তু এই পৰ্যন্ত ইংলণ্ডত উপস্থিত হোৱা নাই অভিজ্ঞ স্পীনাৰ ৰবিচন্দ্রন অশ্বিন। উল্লেখ্য যে ভাৰতীয় দল যোৱা ১৬ জুনতে উপস্থিত হয় লণ্ডনত। কিন্তু বিমানত উঠাৰ পূৰ্বে হোৱা কৰ’না পৰীক্ষাত অশ্বিন ব্যৰ্থ হয়।
ভাৰতীয় ক্রিকেট দলৰ প্ৰশিক্ষক ৰাহুল দ্ৰাৱিড়ে আজি ইংলণ্ডত অনুশীলন কৰি থকা টেষ্ট দলত যোগ দিছে। তেওঁৰ লগতে গৈছে দক্ষিণ আফ্রিকা বিৰুদ্ধে খেলা পাঁচখনীয়া টি-২০ শৃংখলাত ভাৰতীয় দলক নেতৃত্ব দিয়া উইকেটকীপাৰ বেটাৰ ঋষভ পণ্ট আৰু শ্ৰেয়াছ আয়াৰ।
উল্লেখ্য যে ভাৰত আৰু ইংলণ্ডৰ মাজৰ যোৱা বৰ্ষৰ পাঁচখনীয়া টেষ্ট শৃংখলাৰ অন্তিম তথা পঞ্চমখন টেষ্ট বাতিল হৈছিল কৰ'নাৰ বাবে। এতিয়া এই টেষ্টখন অহা একৰ পৰা পাঁচ জুলাইলৈ বার্মিংহামত অনুষ্ঠিত হ'ব। উল্লেখ্য যে পাঁচখনীয়া টেষ্ট শৃংখলাটোত ভাৰতীয় দলে ২-১ ত আগবাঢ়ি আছে। এতিয়া অন্তিম টেষ্ট ড্র হ’লেও ভাৰতে লাভ কৰিব শৃংখলা। ইফালে, টেষ্টখনৰ পূর্বে অহা ২৪-২৭ জুনত টীম ইণ্ডিয়াই এখন অনুশীলন মেচত অংশ ল'ব।
Comments