গুৱাহাটী,২২ জুন:ক'ভিডৰ পৰা সম্পূৰ্ণ সুস্থ হোৱা নাই ছোনিয়া গান্ধী । সেয়ে তেওঁক ই ডিৰ সন্মুখত উপস্থিত হ'বলৈ আৰু কিছুদিনৰ প্ৰয়োজন । কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে এই সন্দৰ্ভত বুধবাৰে ই ডিলৈ এক পত্ৰ প্ৰেৰণ কৰে । তাত তেওঁ লিখিছে, ক'ভিড-১৯ ৰ পৰা সম্পূৰ্ণ আৰোগ্য নোহোৱালৈকে ই ডিৰ সন্মুখত হাজিৰ হোৱাৰ বাবে আৰু কেইসপ্তাহমান সময়ৰ প্ৰয়োজন । উল্লেখ্য, ছোনিয়া গান্ধীৰ হাঁওফাঁওৰ সংক্ৰমণো ধৰা পৰিছিল । তেওঁ লগতে কয় যে ৭৫ বছৰীয়া ছোনিয়া গান্ধীক ক'ভিড আৰু হাঁওফাঁওৰ সংক্ৰমণৰ বাবে চিকিৎসালয়ত ভৰ্তি হোৱাৰ পিছত ঘৰত বিশ্ৰাম ল'বলৈ পৰামৰ্শ দিয়া হৈছে ।
উল্লেখ্য, ছোনিয়া গান্ধীয়ে ১২ জুনৰ পৰা দিল্লীৰ ছাৰ গংগাৰাম চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল । তেওঁক ২০ জুনত চিকিৎসালয়খনে অব্যাহতি দিয়ে । তেওঁৰ ক'ভিড সংক্ৰমণৰ পিছত নাকেৰে প্ৰচুৰ ৰক্তক্ষৰণ হয় আৰু অস্ত্ৰোপচাৰো কৰিবলগা হয় । যিহেতু ক'ভিড আৰু হাঁওফাঁওৰ সংক্ৰমণৰ বাবে চিকিৎসালয়ত ভৰ্তি হোৱাৰ পিছত তেওঁক ঘৰত বিশ্ৰাম লোৱাৰ পৰামৰ্শ দিয়া হৈছে গতিকে কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীয়ে সম্পূৰ্ণৰূপে আৰোগ্য নোহোৱালৈকে তেওঁৰ উপস্থিতি কেইসপ্তাহমান পিছুৱাই দিয়াৰ বাবে আজি ই ডিলৈ এক পত্ৰ লিখে । কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত যোগাযোগ বিষয়া ৰমেশে এক টুইটযোগে এনেদৰে কয় ।ছোনিয়া গান্ধীক ২৩ জুনত নেচনেল হেৰাল্ড ধন আত্মসাৎ গোচৰত ই ডিয়ে চমন জাৰি কৰে । ই ডিয়ে তেওঁৰ পুত্ৰ তথা কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীকো ৫ দিন সোধাপোছা কৰে । ইয়াৰ পূৰ্বে, ৰাহুল গান্ধীয়ে নেচনেল হেৰাল্ড বাতৰিকাকতৰ সৈতে জড়িত ধন আত্মসাতৰ গোচৰ সন্দৰ্ভত প্ৰায় ১২ ঘণ্টা সোধাপোছাৰ পিছত মাজনিশা ই ডিৰ কাৰ্যালয়ৰ পৰা ওলাই আহে ।
Comments