কাবুল ২২ জুন ঃ আজি নিচেই পুৱাতে পাকিস্তানৰ সীমাৰ ওচৰত থকা পূব আফগানিস্তানৰ এটা ভিতৰুৱা, পাৰ্বত্য অঞ্চলত এটা শক্তিশালী ভূমিকম্পত কমেও ১০০০ লোক নিহত হয় আৰু আন ১৫০০ লোক আহত হয়৷
বিষয়াসকলে এই কথা কয় আৰু সকীয়াই দিয়ে যে মৃতকৰ সংখ্যা বাঢ়িব পাৰে৷ খোস্ত আৰু পাকটিকা প্ৰদেশত হোৱা ৬.ৰ প্ৰাবল্যৰ ভূমিকম্পটোত ক্ষয়-ক্ষতিৰ বিতং তথ্য পোৱা হোৱা নাই৷
কিন্তু বহু ঘৰ-দুৱাৰ ধবংস হোৱা বুলি খবৰ পোৱা গৈছে৷ যোৱা বছৰ তালিবানে দেশখনৰ শাসনভাৰ দখল কৰাৰ পাছত বহু আন্তঃৰাষ্ট্ৰীয় সাহায্য সংস্থা আফগানিস্তানৰ পৰা গুচি যোৱাৰ কাৰণে আৰু আমেৰিকাই সৈন্য প্ৰত্যাহাৰ কৰাৰ কাৰণে উদ্ধাৰ অভিযান জটিল হোৱাৰ সম্ভাৱনা আছে৷
চুবুৰীয়া দেশ পাকিস্তানৰ বতৰ বিজ্ঞান বিভাগে কয় যে ভূমিকম্পটোৰ উৎপত্তিস্থল আছিল সীমাৰ ঠিক ওচৰৰ আফগানিস্তানৰ পাক্টিকা অঞ্চলত, খোস্ত মহানগৰৰ পৰা প্ৰায় ৫০ কিল’মিটাৰ দক্ষিণ-পশ্চিমে৷
উল্লেখযোগ্য যে এনেকুৱা শক্তিশালী ভূমিকম্পত গুৰুতৰ ক্ষয়-ক্ষতি হ’ব পাৰে, বিশেষকৈ এনেকুৱা এটা অঞ্চলত, য’ত ঘৰ আৰু আন অট্টালিকাবোৰ দুৰ্বলকৈ নিৰ্মাণ কৰা আৰু ভূমি…লন সাধাৰণ কথা৷ পাক্টিকা অঞ্চলৰ পৰা পোৱা ফুটেজত মানুহবোৰক হেলিকপ্টাৰত উঠোৱা আৰু তাৰ পৰা নিয়াৰ ব্যৱস্থা কৰাৰ দৃশ্য দেখিবলৈ পোৱা হয়৷
বিভিন্ন ঠাইত ধবংসস্তূপ আৰু ভাগি পৰা শিলৰ ঘৰ দেখিবলৈ পোৱা হয়৷ আফগানিস্তানত থকা ৰাষ্ট্ৰসংঘৰ আৱাসিক সমন্বয়ক ৰমিজ আলাকবাৰভে টুইটাৰত কয় যে ভুক্তভোগীসকলৰ বাবে সাহায্য অভিযানৰ বিষয়ে কাবুলত প্ৰধানমন্ত্ৰী মহম্মদ হাছান আখুণ্ডে ৰাষ্ট্ৰপতি প্ৰাসাদত এখন জৰুৰী সভা আহবান কৰে৷ দেশখনে আন্তঃৰাষ্ট্ৰীয় সহায় বিচাৰিছে৷ আফগানিস্তানৰ সীমাৰ ওচৰত থকা পাকিস্তানৰ কিছুমান দুৰ্গম অঞ্চলতো কিছুমান ঘৰৰ ক্ষতি হয়৷
Comments