গুৱাহাটী, ২৩ জুনঃ পৃথিৱীখন বহুটো ৰহস্যৰে ভৰি আছে। মাজে মাজে কিছুমান ৰহস্যৰ সম্ভেদ পোৱা যায়। ঠিক চেনেদৰে শেহতীয়াকৈ কম্বোডিয়াৰ মেকং নদীৰ পৰা তেনে এটা ৰহস্য প্ৰকাশ পাইছে। য'ত তাৰ স্থানীয় মাছমৰীয়াসকলে বিশ্বৰ আটাইতকৈ ডাঙৰ মিঠা পানীত পোৱা মাছটো বিচাৰি পাইছে।
এই বিশাল মাছটোৰ নাম হৈছে ষ্টিংগ্ৰে আৰু ইয়াৰ ওজন প্ৰায় ৩০০ কিলোগ্ৰাম বুলি জানিব পৰা গৈছে। লগতে, গৱেষকসকলে দাবী কৰিছে যে সতেজ পানীত পোৱা এই মাছটো হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মাছ।
বাতৰি অনুসৰি, এই মাছটোৰ দৈৰ্ঘ্য প্ৰায় ১৩ ফুট। এইটো মাছমৰীয়াজনে ষ্টুং ট্ৰাং নামৰ ঠাইখনত পাইছে। মাছমৰীয়াজনে এই সন্দৰ্ভত জনাইছে যে, "যেতিয়া হঠাতে মোৰ জালখন গধুৰ হৈ পৰিছিল, তেতিয়া মই অনুভৱ কৰিছিলো যে মোৰ জালত হয়টো বহুত মাছ লাগিছে।
যেতিয়া মই কেনেবাকৈ পানীৰ পৰা জালখন উলিয়াই আনো, তেতিয়া মই জালত লগা মাছটো দেখি স্তম্ভিত হৈ পৰিছিলো। মাছটোৰ আকাৰ মোৰ কল্পনাতকৈ ডাঙৰ আছিল। সেই সময়ত কি কৰিব লাগে মোৰ কোনো ধাৰণা নাছিল। মই লগে লগে বিজ্ঞানী আৰু গৱেষকসকলক এই বিষয়ে অৱগত কৰিছিলোঁ।"
ইপিনে, তথ্য পোৱাৰ পিছত গৱেষকৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু অনুসন্ধান আৰম্ভ কৰে। মাছটোৰ দৈৰ্ঘ্য জোখাৰ লগতে, দলটোৱে ওজন ওজন জুখিছিল। মাছটোৰ ওজন প্ৰায় ৩০০ কিলোগ্ৰাম বুলি গৱেষকৰ দলটোৱে জানিব পাৰিলে।
ইয়াৰ পূৰ্বে ২৯৩ কিলোগ্ৰামতকৈ অধিক ওজনৰ আটাইতকৈ ডাঙৰ মিঠা পানীত কেটফিছ মাছ পোৱা গৈছিল। এই মাছটো ২০০৫ চনত থাইলেণ্ডত পোৱা গৈছিল।
Comments