গুৱাহাটী, ২৩ জুনঃ যদি কোনোবাই অনাগত দিনবোৰত যিকোনো সময়তে বাৰাণসীৰ লাল বাহাদুৰ শাস্ত্ৰী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ পৰিদৰ্শন কৰে, তেন্তে তেওঁ সংস্কৃত ভাষাত ক'ভিডৰ ঘোষণাবোৰ শুনিবলৈ পাব। বাতৰি অনুসৰি, বিমানবন্দৰটোত সংস্কৃতত গুৰুত্বপূৰ্ণ ক'ভিডৰ ঘোষণাবোৰ কৰিবলৈ আৰম্ভ কৰিছে, যিটো ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণে (এএআই) বানাৰস হিন্দু বিশ্ববিদ্যালয়ৰ (বিএইচইউ) সহযোগত আৰম্ভ কৰা এক বিশেষ পদক্ষেপ।
এই পদক্ষেপৰ আগলৈকে, বিমানবন্দৰত যিকোনো ধৰণৰ ঘোষণাৰ বাবে হিন্দী আৰু ইংৰাজী ভাষা ব্যৱহাৰ কৰা হৈছিল, কিন্তু যোৱা শুক্ৰবাৰৰ পৰা, বিমানবন্দৰত ঘোষণাৰ বাবে সংস্কৃতক তৃতীয় ভাষা হিচাপে যোগ কৰা হৈছে।
বাৰাণসী বিমানবন্দৰে এই সন্দৰ্ভত টুইট কৰি কৈছে, "এতিয়া ইংৰাজী আৰু হিন্দীৰ পিছত সংস্কৃত ভাষাক ক'ভিডৰ নিয়মবোৰ ঘোষণা কৰিবলৈ ব্যৱহাৰ কৰা হৈছে। আমাৰ সন্মানীয় যাত্ৰীসকলে বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে অনুভৱ কৰিব পাৰিছে যে তেওঁলোকে কাশীৰ সংস্কৃত ভাষা প্ৰচলিত স্থানসমূহত প্ৰৱেশ কৰিছে।"
ইপিনে, বিমানবন্দৰৰ সঞ্চালক আৰ্যমা সান্যালে এই সন্দৰ্ভত কৈছে যে, "এই ভাষাটোক সন্মান জনোৱাৰ বাবে সংস্কৃতত ঘোষণা কৰাৰ প্ৰয়াস আৰম্ভ কৰা হৈছে।" সংস্কৃতত ঘোষণা কৰা বিমানবন্দৰৰ এটা ক্লিপে এতিয়া টুইটাৰত এক আলোড়নৰ সৃষ্টি কৰিছে। বহুলোকে এই প্ৰচেষ্টাক প্ৰশংসা কৰিছে।
Comments