আজি আমি একবিংশ শতিকাৰ প্ৰথমাৰ্ধ নৌপাওঁতেই মানৱ সমাজক বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত হৈ পৰা দেখিবলৈ পাইছোঁ৷ কভিড-১৯, মাংকি পক্স আদি ন ন ৰূপত আহিবলৈ ধৰা জৰা-ব্যাধিয়ে মানুহক বিভিন্ন প্ৰকাৰে ভীতিগ্ৰস্ত কৰি ৰাখিছে৷ ইয়াৰ বিপৰীতে মানৱ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পোৱাৰ সলনি হ্ৰাস হোৱাহে দেখিবলৈ পোৱা গৈছে৷ ই সঁচাকৈয়ে চিন্তনীয় বিষয়৷ শাৰীৰিক ৰোগৰ উপৰি হতাশা, আশাহীনতা আদি মনস্থিতিৰ পৰা বাচিবলৈ বহু লোকে বিভিন্ন প্ৰকাৰৰ ঔষধৰ আশ্ৰয় ল’বলৈ ধৰিছে৷ ফাৰ্মা কোম্পানীসমূহেও ইয়াৰ বাবে নিত্য-নতুন ঔষধ প্ৰস্তুত কৰি আছে৷
ইউৰোপৰ মনোৰম ভূমিৰ পৰা আৰম্ভ কৰি মধ্যপ্ৰাচ্যৰ সমৃদ্ধ অঞ্চললৈ, আমাৰ পৃথিৱীখনে মানৱতাক ধ্বংসমুখী অৱস্থালৈ অগ্ৰসৰ হোৱা দেখিবলৈ পাইছে৷ এনে অৱস্থাৰ অন্তৰালত বহু কাৰণ নিহিত হৈ আছে৷ কিছুমান কাৰক হ’ব পাৰে– ৰাজনৈতিক সিদ্ধান্তৰ মেৰুকৰণ, সংকীৰ্ণতাবাদৰ উত্থান আদি৷ আজিৰ এই ভূ-ৰাজনৈতিক পৰিস্থিতিৰ প্ৰতিফলন মানুহৰ ব্যক্তিগত জীৱনতো পৰিলক্ষিত হৈছে, য’ত লোভ, হতাশা, উদ্বেগ, অসংখ্য শাৰীৰিক আৰু মানসিক ৰোগ আদিয়ে মানুহৰ সন্মুখত তীব্ৰ প্ৰত্যাহ্বানৰূপে থিয় দিছে৷ বিশ্ব স্বাস্থ্য সংস্থাই চলোৱা সমীক্ষা অনুসৰি সমগ্ৰ বিশ্বতে প্ৰায় ২৮০ নিযুত লোক হতাশাত ভুগি থকা বুলি জানিব পৰা গৈছে৷ এনেধৰণৰ জটিল পৰিস্থিতিত যোগৰ ভূমিকা শক্তিশালী আৰু অপৰিসীম৷ নিজৰ ভুলবোৰ শুধৰাই জীৱনৰ মান উন্নত কৰাত যোগে যথেষ্ট সহায় কৰিব পাৰে৷
কিন্তু, যদি কোৱা হয় এই সকলো সমস্যাৰ বহুলাংশ সমিধান আমাৰ হাততে আছে ক্ক হয়, ইয়াত শাৰীৰিক-মানসিক উৎকৰ্ষ সাধনৰ প্ৰাচীন বিজ্ঞান যোগৰ কথা কোৱা হৈছে৷ সুস্থ আৰু নিৰুদ্বেগ জীৱনৰ আধাৰ হিচাপে যোগে বৈপ্লৱিক ভূমিকা ল’ব পাৰে৷ সহস্ৰাব্দৰ বাটেৰে আগবাঢ়ি আজি একবিংশ শতিকাৰ দুৱাৰডিলত উপনীত হোৱা যোগ, বিভিন্ন ভাৰতীয় মনীষীৰ চিন্তা আৰু সাধনাৰ এক পৰিশীলিত ৰূপ৷
২০২০ চনত যেতিয়া বিশ্ববাসী কভিড-১৯ মহামাৰীত আক্ৰান্ত হৈছিল, তেতিয়া হাৰ্ভাৰ্ড মেডিকেল স্কুলে ‘Coping with Coronavirus Anxiety' শীৰ্ষক এটা চিন্তাশীল প্ৰবন্ধ প্ৰকাশ কৰিছিল৷ প্ৰবন্ধটোত, ক্ৰমশঃ জটিল হৈ পৰা পৰিস্থিতিতো ভাৰতীয় পৰম্পৰাৰ চহকী নিদৰ্শন যোগ আৰু ধ্যানৰ দ্বাৰা কেনেদৰে শান্ত-সৌম্য আৰু ধৈৰ্যশীল হৈ থাকিব পাৰি, তাৰ ওপৰত আলোকপাত কৰিছিল৷ যোগে গামা এমিন’বিউটাইৰিক এচিড (GABট্ট) নামৰ মস্তিষ্কৰ ৰসায়নবিধ বৃদ্ধি কৰাত যথেষ্ট সহায় কৰে৷ এইবিধ এচিডে সুস্থ মেজাজ আৰু নিৰুদ্বেগ মনৰ উৎকৰ্ষ সাধন কৰে৷ যোগ চিকিৎসাই মানুহৰ জীৱনৰ মান উন্নত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷ ই হতাশাৰ লক্ষণবোৰ হ্ৰাস কৰি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে কাৰ্ডিঅ’ভাস্কুলাৰৰ কাৰ্যক্ষমতা আৰু টোপনিৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে বুলি গৱেষকসকল নিশ্চিত হৈছে৷
প্ৰাচীন পৱিত্ৰ গ্ৰন্থসমূহতো যোগৰ গুৰুত্বৰ ব্যাখ্যা পোৱা যায়৷ শ্ৰীমদ্ভাগৱত গীতাৰ দ্বিতীয় অধ্যায়ত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক যোগাৱস্থাত থাকি দৃঢ়তাৰে নিজৰ কামবোৰ সম্পাদন কৰাৰ পৰামৰ্শ দিয়াৰ কথা উল্লেখ আছে৷ ইয়াত যোগৰ সংজ্ঞা হিচাপে সকলো পৰিস্থিতিতে মনৰ সমস্থিতি বৰ্তাই ৰখা কাৰ্যক বুজোৱা হৈছে৷ মানুহৰ মনত ঈশ্বৰৰ প্ৰতি আনুগত্য আৰু আধ্যাত্মিকতাৰ প্ৰসাৰ হৈছে যোগৰ এক মহৎ উদ্দেশ্য৷ ই এক আত্মোপলব্ধিৰ মাধ্যম, যাৰ দ্বাৰা এজন ব্যক্তিয়ে মনক আত্মাৰ সৈতে একাত্ম কৰাত সমৰ্থ হয়৷ কাকতালীয়ভাৱে, বৌদ্ধ ধৰ্ময়ো ধৈৰ্য, আত্মনিয়ন্ত্ৰণ, সহনশীলতা আৰু বোধশক্তি আদি গুণৰ বিষয়ে কৈ আহিছে, যিবোৰে গুণী-জ্ঞানী শাসক সৃষ্টি কৰাত সহায় কৰে৷ যোগৰ পৰা পোৱা লাভালাভে এজন ব্যক্তিক নিজৰ শ্ৰেষ্ঠ সংস্কৰণৰূপে আত্মপ্ৰকাশ কৰাটো সহায় কৰে৷
আমি বুজিব লাগিব যে এটা স্বাস্থ্যৱান মনে ঐক্যবদ্ধ সম্প্ৰদায় এটাৰ কেন্দ্ৰবিন্দু হিচাপে কাম কৰে৷ আমি ‘মনৰ বাবে যোগ’ৰ তাৎপৰ্যক প্ৰচাৰ কৰি একো একোটা কৰ্মযোগী সম্প্ৰদায় গঢ়ি তুলিব পাৰোঁ, য’ত প্ৰতিজন সদস্যই যিকোনো পৰিস্থিতিৰ সৈতে সামঞ্জস্য বজাই ৰাখি নিজৰ কৰ্তব্য নিয়াৰিকৈ পালন কৰিব পাৰে৷ ইয়াৰ উপৰি যোগে সৃষ্টিশীলতা বৃদ্ধি কৰে, যিয়ে দৈনন্দিন জীৱনৰ একঘেয়ামী অৱস্থাৰ পৰা নিজক মুক্ত কৰাত ভালেখিনি সহায় কৰে৷ সৃষ্টিশীলতাৰ প্ৰবাহিত ধাৰাই আমাৰ আত্মপ্ৰেমক জাগ্ৰত কৰি তোলে৷ এনে গুণসম্পন্ন সম্প্ৰদায়ে এখন শান্তিপূৰ্ণ পৃথিৱীৰ আধাৰ গঢ়ি তুলিব পাৰে৷ তদুপৰি, নিয়মিত যোগাসনে আমাৰ মনোযোগ আৰু একাগ্ৰতাও বৃদ্ধি কৰে৷ এক অৰ্থত ক’বলৈ হ’লে, দুখ-যন্ত্ৰণা, লোভ-মোহ, হতাশা, উদ্বেগ আদিৰ পৰা আমাক মুক্ত কৰাৰ উদ্দেশ্যে যোগ এক বৈপ্লৱিক উৎসৰূপে চিহ্নিত হোৱাৰ সম্ভাৱনা আছে৷ মনক আৰোগ্য কৰাৰ উপৰি যোগে শৰীৰকো আৰোগ্য কৰে৷ যোগে পিঠিৰ বিষ উপশম কৰে আৰু আথ্ৰৰ্াইটিছৰ লক্ষণবোৰ সহনীয় কৰি তুলিব পাৰে৷ যোগে ফিটনেচত উৎসাহীসকলক শক্তিৱন্ত কৰাৰ উপৰি দেহৰ ভাৰসাম্য আৰু নমনীয়তা বৃদ্ধি কৰে৷
ভাৰতবৰ্ষই সদায়েই বিশ্বক শান্তিৰ মাৰ্গৰ সন্ধান দি আহিছে আৰু ‘বসুধৈব কুটুম্বকম্’ অৰ্থাৎ ‘সমগ্ৰ মানৱ জাতি এটাই পৰিয়াল’ মূলমন্ত্ৰেৰে বিশ্ববাসীলৈ এক মহৎ বাৰ্তা প্ৰেৰণ কৰি আহিছে৷ বিশ্ব স্বাস্থ্য সংস্থা (WHO) আৰু ভাৰত চৰকাৰৰ যৌথ প্ৰচেষ্টাত শেহতীয়াকৈ গুজৰাটৰ জামনগৰত পৰম্পৰাগত ঔষধ প্ৰণালীৰ বিশ্ব কেন্দ্ৰ স্থাপন হৈছে৷ যোগসহ পৰম্পৰাগত ঔষধ তথা চিকিৎসা প্ৰণালীৰ গৱেষণা আৰু অনুশীলনত এই পদক্ষেপে এক সুদূৰপ্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰিব, যিয়ে মানৱ সমাজৰ কল্যাণ সাধন কৰিব৷ প্ৰমাণ-পত্ৰ প্ৰদান কাৰ্যসূচীৰ জৰিয়তে সমগ্ৰ বিশ্বৰ যোগ পেছাদাৰীসকলৰ মাজত জ্ঞান আৰু দক্ষতা বৃদ্ধি, সমন্বয় আৰু গুণগত মান বৃদ্ধিৰ উদ্দেশ্যে এখন যোগ প্ৰমাণ-পত্ৰ ব’ৰ্ড [ৱাই চি বি] গঠন কৰা হৈছে৷ মন কৰিবলগীয়া কথা এই যে আয়ুষ মন্ত্ৰ্যালয়ৰ অধীনস্থ মোৰাৰজী দেশাই ৰাষ্ট্ৰীয় যোগ প্ৰতিষ্ঠানৰো লক্ষ্য আৰু অভিযান হৈছে, ‘যোগৰ জৰিয়তে সকলোৰে মাজত সুস্বাস্থ্য, সম্প্ৰীতি আৰু সুখ সঞ্চাৰ কৰা’৷ আন্তৰ্জাতিক যোগ দিৱস, ২০২২ উদ্যাপনৰ জৰিয়তে আয়ুষ মন্ত্ৰ্যালয়ে পৰম্পৰাগত যোগাভ্যাসক বিশ্বব্যাপী লৈ যোৱাৰ প্ৰয়াস কৰিছে৷ এনেধৰণৰ উদ্যাপনৰ জৰিয়তে ৰাজনৈতিক সীমা অতিক্ৰম কৰি জাতি, ধৰ্ম, বৰ্ণ আৰু লিংগ নিৰ্বিশেষে সকলোৰে মাজত যোগৰ প্ৰচাৰ আৰু প্ৰসাৰৰ নিৰৱচ্ছিন্ন চেষ্টা অব্যাহত ৰখা হৈছে৷ স্বাস্থ্যকৰ জীৱন নিশ্চিত কৰাৰ লক্ষ্যৰে যোগৰ প্ৰচাৰ বহনক্ষম বিকাশৰ সৈতেও সংযোজিত কৰা হৈছে৷ আত্মিক শান্তি আৰু এখন একত্ৰিত পৃথিৱীৰ প্ৰাপ্তি হয়তো কেতিয়াবা অসম্ভৱ লক্ষ্যৰূপে ধৰা দিব পাৰে, তথাপিও সচেতন প্ৰচেষ্টাৰে আত্ম-উৎকৰ্ষ সাধনৰ প্ৰয়াস কৰিলে আমিও সামূহিক হিতৰ প্ৰতি আমাৰ অৱদান নিশ্চিত কৰিব পাৰোঁ৷ যোগক নিজৰ আত্মোত্থানৰ এক মাধ্যম হিচাপে আঁকোৱালি ল’লে এখন শান্তিপূৰ্ণ, ভাতৃত্ববোধসম্পন্ন আৰু সহানুভূতিশীল পৃথিৱী গঢ়াৰ দিশত আমি এখোজ আগবাঢ়ি যাব পাৰিম৷ সেয়েহে অহা ২১ জুনৰ আন্তৰ্জাতিক যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি আৰু ইয়াক সাফল্যমণ্ডিত কৰি যোগক দৈনন্দিন জীৱনৰ এক অবিচ্ছেদ্য অংগ হিচাপে পৰিগণিত কৰাৰ আমি ঐক্যবদ্ধ পণ লওঁ আহক৷
[লেখক হৈছে কেন্দ্ৰীয় বন্দৰ,
জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী]
Comments