গুৱাহাটী,২১ জুন:ভাৰত আৰু ইংলেণ্ডৰ মাজৰ যোৱা বৰ্ষৰ পাঁচখনীয়া টেষ্ট শৃংখলাৰ অন্তিম তথা পঞ্চমখন টেষ্ট বাতিল হৈছিল কৰ'নাৰ বাবে। এতিয়া এই টেষ্টখন অহা ১-৫ জুলাইলৈ বার্মিংহামত অনুষ্ঠিত হ'ব। ইতিমধ্যে ভাৰতীয় দলে নিজৰ অনুশীলন আৰম্ভ কৰিছে। অনুশীলনত অংশ লৈছে বিৰাট ক'হলি, চেতেশ্বৰ পূজাৰা, ৰবীন্দ্ৰ জাডেজা, যশপ্রীত বুমৰাহ আদিয়ে। উল্লেখ্য যে বি চি চি আয়ে এই টেষ্টখনৰ বাবে ভাৰতীয় দলটো পূর্বেই ঘোষণা কৰিছে।
ৰোহিত শৰ্মাৰ নেতৃত্বত ঘোষিত ভাৰতীয় দলটো হ'ল: লোকেছ ৰাহুল, শুভমন গিল, বিৰাট কোহলি, শ্রেয়াছ আয়াৰ, হনুমা বিহাৰী, চেতেশ্বৰ পূজাৰা, ঋষভ পণ্ট, কে এছ ভৰত, ৰবীন্দ্ৰ জাডেজা, ৰবীচন্দ্রন অশ্বিন, শ্বাদুল ঠাকুৰ, মহম্মদ ছামি, যশপ্রীত বুমৰাহ, মহম্মদ চিৰাজ, উমেশ যাদব আৰু প্ৰষিদ্ধ কৃষ্ণা।
উল্লেখ্য ইংলেণ্ড ভ্রমণত ভাৰতীয় ক্রিকেট দলে টেষ্ট মেচখন খেলাৰ পাছত তিনিখন এদিনীয়া আৰু তিনিখন টি-২০ মেচৰ শৃংখলাও খেলিব। ইতিমধ্যে ইংলেণ্ড ক্রিকেট ব'ৰ্ডে তিনিখন এদিনীয়া আৰু তিনিখন টি-২০ মেচৰ শৃংখলাৰ সূচীও ঘোষণা কৰিছে। সেই অনুসৰি অহা ৭, ৯ আৰু ১০ জুলাইত টি-২০ মেচ তিনিখন অনুষ্ঠিত হ'ব। আনহাতে ১২, ১৪ আৰু ১৭ জুলাইত তিনিখন এদিনীয়া মেচ খেলিব ভাৰত আৰু ইংলণ্ডে।
Comments