গুৱাহাটী,২০ জুন:আঘাতৰ বাবে আসন্ন গ্রেণ্ডশ্লাম টেনিছ প্রতিযোগিতা উইম্বলডনৰ পৰা আঁতৰি আহিল বিশ্বৰ প্ৰাক্তন শ্ৰেষ্ঠ খেলুৱৈ নাওমি অ’ছাকা। উল্লেখ্য যে জাপানৰ চাৰিবাৰৰ গ্ৰেণ্ডশ্লাম বিজয়ীগৰাকীয়ে টুইটাৰত এই বিষয়ে নিজেই অনুৰাগীক অৱগত কৰিছে।
ইউক্রেইন আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে অল ইংলেণ্ড ক্লাবে ৰাছিয়া আৰু বেলাৰুছৰ খেলুৱৈক আসন্ন গ্ৰেণ্ডশ্লাম টেনিছ প্রতিযোগিতা উইম্বলডনৰ পৰা নিষিদ্ধ কৰাৰ পিছত ৰেংকিং পইণ্ট কাঢ়ি লোৱাৰ বাবে এ টি পি আৰু ডব্লিউ টি এৰ সিদ্ধান্তক লৈ ২৪ বছৰীয়া অ'ছাকাই ইতিমধ্যে উইম্বলডন নেখেলাৰ কথা চিন্তা কৰিছিল।
অ’ছাকাৰ টুইটটোত যদিও বিশেষভাৱে উইম্বলডনৰ কথা উল্লেখ কৰা হোৱা নাই, তথাপিও তাৰ লগত আছিল ঘাঁহৰ ক'ৰ্টত নিজৰ এখন ফটো, আৰু ঘাঁহৰ ব্লেডৰ ইমোজি। উল্লেখ্য যে জাপানী খেলুৱৈগৰাকীয়ে প্ৰথমবাৰৰ বাবে যোৱা মে’ত মাদ্রিদত অনুষ্ঠিত হোৱা প্ৰথমখন মেচত আঘাতৰ সমস্যাত ভুগিছিল। আনহাতে, আঘাতৰ বাবে তেওঁ পৰৱৰ্তী ইটালিয়ান অ'পেনৰ পৰাও আঁতৰি আহিবলগীয়া হৈছিল। উল্লেখ্য যে অহা ২৭ জুনৰ পৰা আৰম্ভ হ'ব গ্ৰেণ্ডশ্লাম টেনিছ প্রতিযোগিতা উইম্বলডন।
Comments