গুৱাহাটী, ২০ জুন : ভাৰত দক্ষিণ আফ্ৰিকাৰ মাজৰ পাঁচখনীয়া টি-২০ শৃংখলাৰ পঞ্চম তথা অন্তিমখন মেচ বৰষুণৰ বাবে পৰিত্যক্ত হোৱাত শৃংখলাটো ২-২ ৰ ব্যৱধানৰে সমাপ্ত হয়। উল্লেখ্য যে যোৱানিশা বাংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা অন্তিম মেচখনত ভাৰতে পোনতে বেটিং কৰি ৩.৩ অভাৰত দুই উইকেট হেৰুৱাই ২৮-২ ৰাণ কৰাৰ পাছতে মেচ বৰষুণৰ বাবে বন্ধ হয়।
শৃংখলাৰ প্ৰথম দুখন মেচত পৰাস্ত হোৱাৰ পাছতো ভাৰতীয় দলে তৃতীয় আৰু চতুৰ্থ মেচত জয়ী হৈ শক্তিশালী প্ৰত্যাৱৰ্তন কৰিছিল। যুৱ শক্তিৰ এই প্ৰদৰ্শনক লৈ সন্তুষ্ট লগতে আশাবাদী টীম ইণ্ডিয়াৰ প্ৰশিক্ষক ৰাহুল দ্ৰাৱিড়। শৃংখলাৰ সমাপ্তিত দ্ৰাৱিড়ে কয় যে পাঁচখনীয়া শৃংখলাৰ প্ৰথম দুখন মেচত পৰাস্ত হোৱাৰ পাছতো মানসিকৰূপ শক্তিশালী হৈ থাকি জয়ৰে প্ৰত্যাৱৰ্তন কৰাটো ইতিবাচক দিশ।
উল্লেখ্য যে ভাৰতে চতুৰ্থখন মেচত ৮২ ৰাণত জয়লাভ কৰি ২-২ ৰ ব্যৱধানৰে প্ৰত্যাৱৰ্তন কৰাৰ পাছত শৃংখলা দখলৰ ফেভাৰিট হৈছিল। একপক্ষীয় চতুৰ্থ মেচত ভাৰতৰ ১৬৯ ৰাণৰ প্ৰত্যুত্তৰত দক্ষিণ আফ্রিকা ৮৭ ৰাণতে অলআউট হয়। সেয়ে চাপৰ সন্মুখীন হৈ আছিল আলহী দলটো।
ইয়াৰ পূৰ্বে ভাৰতে তৃতীয়খন মেচত ৪৮ ৰাণত জয়লাভ কৰি ২-১ ৰ ব্যৱধানৰে প্ৰত্যাৱৰ্তন কৰি শৃংখলাত নিজৰ আশা সজীৱ ৰাখিছিল। উল্লেখ্য যে শৃংখলাৰ প্ৰথমখন মেচত দক্ষিণ আফ্রিকাই সাত উইকেটত পৰাস্ত কৰিছিল ভাৰতক । তাৰপাছতে দ্বিতীয়খন মেচত দক্ষিণ আফ্ৰিকাই চাৰি উইকেটত জয়লাভ কৰি পাঁচখনীয়া টি-২০ শৃংখলাত ২-০ ৰ অগ্ৰগতি লৈছিল। শৃংখলাৰ শ্ৰেষ্ঠ হয় ভাৰতৰ পেচাৰ ভূৱনেশ্বৰ কুমাৰ।
Comments