গুৱাহাটী,২১ জুন:২০২২ বৰ্ষৰ বিষ্ণু ৰাভা বঁটাৰে সন্মানিত হৈছে প্ৰবীণ চিত্ৰশিল্পী চন্দ্ৰকমল গগৈ। কলা-সংস্কৃতিৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অমূল্য বৰঙণিৰ বাবে তেওঁক এই বঁটা প্ৰদান কৰা হয়। আজি এই উপলক্ষে আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বঁটা প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে আন কেইবাগৰাকীও ব্যক্তিক প্ৰদান কৰা হয় ৰাষ্ট্ৰীয় তথা ৰাজ্যিক পৰ্যায়ৰ বিভিন্ন বঁটা।
চন্দ্ৰকমল গগৈক ২০২২ বৰ্ষৰ বিষ্ণু ৰাভা বঁটা প্ৰদানবিশিষ্ট লোকতত্ত্ববিদ, লেখক তথা অধ্যাপক ড° অমলেন্দু ভট্টাচাৰ্যলৈ আগবঢ়োৱা হয় ২০২১ বৰ্ষৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আজান পীৰ বঁটা। অসমৰ সমাজ-সাহিত্য ক্ষেত্ৰলৈ অনৱদ্য অৱদান আগবঢ়োৱা অৱদানৰ বাবে তেওঁক এই বঁটা প্ৰদান কৰা হয়।কলা-সমালোচনা আৰু সাহিত্যৰ ক্ষেত্ৰখনলৈ অনবদ্য বৰঙণি আগবঢ়োৱা ড° নৰেন কলিতালৈ আগবঢ়োৱা হৈছে ২০২১ বৰ্ষৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৃষ্ণকান্ত সন্দিকৈ বঁটা।বিষ্ণু ৰাভা বঁটা২০২১ বৰ্ষৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা কালিচৰণ ব্ৰহ্ম বঁটা আগবঢ়োৱা হয় বিশিষ্ট গৱেষক তথা অধ্যাপক ড° অনুংলা এয়েৰলৈ। তেওঁক বঁটা প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয়, সমাজ জীৱনলৈ তেখেতে আগবঢ়োৱা অনবদ্য অৱদানে সদায়েই আমাক সমৃদ্ধ কৰিব।
বিভিন্ন সামাজিক কাম-কাজত নিজকে জড়িত কৰি জনতাৰ কল্যাণ সাধন কৰা বিশিষ্ট সমাজকৰ্মী হেমন্ত গোহাঁইলৈ আগবঢ়োৱা হৈছে ২০২১ বৰ্ষৰ সৰ্বানন্দ সিংহ বঁটা।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা২০২১ বৰ্ষৰ গণেশ গগৈ বঁটা লাভ কৰে বিশিষ্ট কবি-সাহিত্যিক বংশী বৰাই।বিশিষ্ট গীতিকাৰ, সংগীত পৰিচালক, নাট্যকাৰ চৈয়দ ছাদুল্লালৈ আগবঢ়োৱা হয় ২০২১ বৰ্ষৰ আহমদ আলী বাঁশকান্দি বঁটা। সাংস্কৃতিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতিস্বৰূপে তেওঁক এই বঁটা আগবঢ়োৱা হয়।
সু-সাহিত্যিক ছবিলাল উপাধ্যায়ে চাৰি দশকৰো অধিক সময় কলা-সাহিত্যৰ ক্ষেত্ৰখনলৈ প্ৰভূত অৱদান আগবঢ়াই আহিছে। সেয়ে ২০২১ বৰ্ষৰ চৈয়দ আব্দুল মালিক বঁটা প্ৰদান কৰা হৈছে বিশিষ্ট শিক্ষাবিদ তথা সাহিত্যিকগৰাকীক।২০২১ বৰ্ষৰ মামণি ৰয়ছম গোস্বামী বঁটা লাভ কৰিছে বিশিষ্ট সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীয়ে।বিশিষ্ট শিক্ষাবিদ তথা সমাজসেৱিকা লীলাৱতী কুশ্ৰেলৈ ২০২১ বৰ্ষৰ চন্দ্ৰপ্ৰভা শইকীয়ানী বঁটা প্ৰদান কৰা হয়।
বিশিষ্ট শিক্ষাবিদ তথা সু-লেখিকা ইলা বৰগোহাঁইক প্ৰদান কৰা হয় ২০২১ বৰ্ষৰ অমলপ্ৰভা দাস বঁটা। তেখেতৰ সৃষ্টিৰাজিয়ে অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিক সমৃদ্ধ কৰি আহিছে আৰু আগলৈও অধিক চহকী কৰিব বুলি মুখ্যমন্ত্ৰীয়ে বঁটা প্ৰদান কৰি কয়৷অসমীয়া চলচ্চিত্ৰ জগতৰ এটি চিৰপৰিচিত নাম মৃদুলা বৰুৱালৈ আগবঢ়োৱা হয় ২০২১ বৰ্ষৰ গীতিকবি পাৰ্ৱতিপ্ৰসাদ বৰুৱা বঁটা।সত্ৰীয়া নৃত্যৰ জগতখনৰ সৈতে যোৱা পাঁচটা দশকজুৰি ওতপ্ৰোতভাৱে জড়িত শাৰদী শইকীয়ালৈ আগবঢ়োৱা হৈছে ২০২২ বৰ্ষৰ বিষ্ণু ৰাভা বঁটা।
Comments