গুৱাহাটী, ২৫ জুনঃ অৰ্জুন কাপুৰে শেহতীয়াকৈ তেওঁৰ ৩৭ তম জন্মদিন উদযাপন কৰিব। কিন্তু জন্মদিনৰ আগতে, অৰ্জুনে প্ৰেয়সী মালাইকা অৰোৰাৰ সৈতে ফুৰিবলৈ গৈছে। দুয়োজনে পেৰিছত একেলগে অৰ্জুনৰ জন্মদিন উদযাপন কৰিব৷ ইতিমধ্যেই তাৰ ভিডিঅ' আৰু ছবি ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছে।
একে সময়তে, অৰ্জুনে তেওঁৰ ইনষ্টা ষ্টৰীৰ জৰিয়তে জন্মদিনক লৈ প্ৰেয়সী মালাইকা কিমান উৎসাহিত তাৰ এক আভাস দেখুৱাইছে।
অৰ্জুন কাপুৰ আৰু মালাইকা অৰোৰাই দীৰ্ঘদিন ধৰি ব্যক্তিগত সময় অতিবাহিত কৰি আছে। দুয়োজনে তেওঁলোকৰ বিশেষ মুহূৰ্তবোৰ অকলে কটাব বিচাৰে, সেয়েহে দুয়ো জন্মদিন উদযাপন কৰিবলৈ পেৰিছত উপস্থিত হৈছে।
আনহাতে মালাইকাই অৰ্জুনৰ জন্মদিনৰ ৩ দিন আগতে এই সুন্দৰ প্ৰেমৰ চহৰখনত উপনীত হোৱাৰ পিছত অধিক ৰোমান্টিক হৈ পৰি অৰ্জুনক আচৰিত কৰিছে। পেৰিছত উপস্থিত হোৱাৰ এই উপহাৰটোৰ ফটো অৰ্জুন কাপুৰে শ্বেয়াৰ কৰিছে।
Comments