Classifieds
View All
গুৱাহাটী, ২৩ জুন:আসন্ন কমনৱেল্ল্থ গেমছলৈ ভাৰতৰ মহিলা হকী দলৰ খেলুৱৈৰ নাম ঘোষণা কৰা হৈছে। ভাৰতৰ দলটোত ১৮গৰাকী খেলুৱৈক অন্তৰ্ভুক্ত কৰা হৈছে। তাৰকা ষ্ট্ৰাইকাৰ ৰাণী ৰামপালে ফিটনেছৰ নথকাত দলত স্থান নাপালে। গ’লকীপাৰ সৱিতা পুনিয়াই ভাৰতক নেতৃত্ব দিব। অভিজ্ঞ ডিফেণ্ডাৰ দীপ গ্ৰেচ এক্কাক দলটোৰ সহঃঅধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে।
ভাৰতৰ দলটো গ'লকীপাৰ:সৱিতা পুনিয়া, ৰজনী এতিমাপু। ডিফেণ্ডাৰ:দীপ গ্রেচ এক্কা, মিডফিল্ডাৰ : নিশা, সুশীলা চানু, মণিকা নেহা, জ্যোতি, নৱজ্যোৎ কৌৰ, ছেলিমা টেটে। ফ’ৰৱাৰ্ড : বন্দনা কাটাৰিয়া, লালমেছিয়ামি, নৱনীত কৌৰ, শর্মিলা দেৱী, সংগীতা কুমাৰী।
Comments