গুৱাহাটী,২৩ জুন:মহাৰাষ্ট্ৰৰ চৰকাৰ ভঙা-পতাৰ শ্বাসৰুদ্ধ নাটকৰ অভিকেন্দ্ৰ গুৱাহাটীৰ ৰেডিশ্বন ব্লু হোটেলত নাটকীয়তা ক্ৰমাৎ বাঢ়িছে । শিৱসেনাৰ বিদ্ৰোহী বিধায়ক একনাথ সিন্দেৰ নেতৃত্বত গুৱাহাটীত একত্ৰিত হোৱা বিধায়কৰ সংখ্যা যোৱা সন্ধিয়াৰ পৰা লক্ষ্যনীয়ভাৱে বাঢ়িছে যদিও মুম্বাইত সঘনে সৃষ্টি হোৱা ৰাজনৈতিক সমীকৰণে পৰিস্থিতি কোনো কোনো মূহুৰ্তত ধূসৰ কৰি তুলিছে ।
গুৱাহাটীৰ ৰেডিশ্বন ব্লু' দেশবাসীৰ আকৰ্ষণৰ বিন্দু হৈ পৰাৰ সময়তে শুকুৰবাৰে ৰেডিশ্বন ব্লু'ৰ সম্মুখত শিৱসেনাৰ এগৰাকী সমৰ্থকে প্ৰতিবাদ সাব্যস্ত কৰে৷ শিৱসেনাৰ সমৰ্থকগৰাকীয়ে মহাৰাষ্ট্ৰৰ পৰা গুৱাহাটীলৈ আহি ৰেডিশ্বন ব্লু'ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ জানিব পৰা মতে প্ৰতিবাদ কৰিবলৈ অহা শিৱসেনাৰ সমৰ্থকগৰাকী উদ্ধৱ থাকৰেৰ সমৰ্থক । শিৱসেনাৰ সমৰ্থকগৰাকীয়ে হাতত "একনাথ সিন্দে আপুনি মহাৰাষ্ট্ৰলৈ উভতি বলক" শীৰ্ষক শ্ল'গানেৰে বেনাৰ লৈ প্ৰতিবাদ কৰে ৷ লগে লগে হোটেলখনত নিয়োজিত থকা আৰক্ষীয়ে শিৱসেনাৰ সমৰ্থকগৰাকীক আটক কৰে।
উল্লেখ্য যে বৃহস্পতিবাৰে নিশা ৯.৪৫ বজাত হোটলখনত পুনৰ তিনিজন বিসম্বাদী বিধায়ক উপস্থিত হৈছিল । এতিয়া ৰেডিশ্বন ব্লু'ত ৪৬ জন বিসম্বাদী বিধায়কে বাহৰ পাতি আছেহি ৷ ইয়াৰে শিৱসেনাৰ ৩৭ জন আৰু ৯ জন নিৰ্দলীয় বুলি জানিব পৰা গৈছে ৷বুধবাৰৰ পুৱাৰ পৰা এতিয়ালৈ বিলাসী হোটেলখনত বিসম্বাদী বিধায়কৰ সোঁত বৈছে ৷ আৰক্ষীয়ে ৰেডিশ্বন ব্লু'ৰ চাৰিওফালে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে । ইয়াৰ সমান্তৰালভাৱে শেহতীয়াকৈ একনাথ সিন্দেই এক বিবৃতিৰ জৰিয়তে ৰাষ্ট্ৰীয় দলৰ লগত থাকি চৰকাৰ গঠন কৰা হ'ব বুলি মন্তব্য প্ৰকাশ কৰে ৷ এই বিবৃতিটোৰ জৰিয়তে সিন্দেই বিজেপিৰ লগত লগ হৈ মহাৰাষ্ট্ৰৰ চৰকাৰ গঠন কৰাৰ স্পষ্ট ইংগিত দিছে৷ সম্প্ৰতি একনাথ সিন্দেৰ লগত ৫০ জন বিধায়ক আছে ৷
Comments