Classifieds
View All
গুৱাহাটী,২৬ জুন:ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে প্ৰকাশ কৰা অনুসৰি শনিবাৰে কৰা ৰেপিড এণ্টিজেন টেষ্টৰ পিছত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মাৰ ৰিপৰ্ট পজিটিভ ৰূপে প্ৰকাশ পায়।লেইচেষ্টাৰশ্বায়াৰৰ দলীয় হোটেলত এতিয়া ৰোহিতক কোৱৰেণ্টিন কৰি থোৱা হৈছে। তেওঁৰ বাকী সতীৰ্থসকলৰ ৰিপৰ্ট নিগেটিভ অহাৰ বাবে স্থানীয় কাউণ্টি দলৰ বিৰুদ্ধে ৪ দিনীয়া অনুশীলন খেলত তেওঁলোক ব্যস্ত হৈ থাকিব ।
লেইচেষ্টাৰশ্বায়াৰ কাউণ্টি ক্লাবত অনুষ্ঠিত ৪ দিনীয়া অনুশীলন খেলখনৰ তৃতীয় দিনা ভাৰতৰ অধিনায়কজন খেলপথাৰত অৱতীৰ্ণ হোৱা নাছিল।ৰোহিত বৰ্তমান ইংলেণ্ডত বিচিচিআইৰ চিকিৎসা দলৰ তত্বাৱধানত আছে আৰু ১ জুলাইৰ পৰা বাৰ্মিংহামত আৰম্ভ হ'বলগীয়া ইংলেণ্ডৰ বিৰুদ্ধে পুনৰ নিৰ্ধাৰিত পঞ্চম খন টেষ্টত খেলপথাৰত অৱতীৰ্ণ হোৱাৰ বাবে উপযুক্ত হৈ নুঠিলে বিমোৰত পৰিব ভাৰতীয় শিৱিৰ।
Comments