গুৱাহাটী,২৬ জুন:আয়াৰলেণ্ড ভ্ৰমণলৈ যোৱা ভাৰতীয় ক্রিকেট দলে আজি দুখনীয়া টি-২০ শৃংখলাৰ প্ৰথম মেচখন খেলিব ঘৰুৱা দলৰ বিৰুদ্ধে। উল্লেখ্য যে টীম ইণ্ডিয়াক আয়াৰলেণ্ড ভ্ৰমণত নেতৃত্ব দিব তাৰকা অলৰাউণ্ডাৰ হার্ডিক পাণ্ডিয়াই।প্ৰথমবাৰৰ বাবে জাতীয় দলৰ অধিনায়ক হৈছে হার্দিক। ইফালে, প্ৰথমবাৰৰ বাবে ভাৰতীয় দলৰ প্ৰশিক্ষকৰ ভূমিকাত দেখিবলৈ পোৱা যাব ভি ভি এছ লক্ষ্মনক। উল্লেখ্য যে ভাৰতৰ টেষ্ট দলৰ সৈতে নিয়মীয়া প্ৰশিক্ষক ৰাহুল দ্ৰাবিড় ইংলেণ্ড ভ্রমণত ব্যস্ত থকাৰ বাবে লক্ষ্মনক টি-২০ শৃংখলাটোত প্ৰশিক্ষকৰ দায়িত্ব দিয়া হৈছে।
ভাৰতীয় দলৰ সহ:-অধিনায়ক হিচাপে বেগী বলাৰ ভুৱনেশ্বৰ কুমাৰক নিৰ্বাচিত কৰা হৈছে। ইফালে, দক্ষিণ আফ্রিকা শৃংখলাত ভাৰতীয় দলৰ নেতৃত্বত থকা উইকেটকীপাৰ বেটাৰ ঋষভ পণ্টৰ লগতে লোকেশ ৰাহুল আৰু শ্ৰেয়াছ আয়াৰকো ইংলেণ্ড ভ্ৰমণৰত ভাৰতীয় দলত স্থান দিয়াৰ বাবে আয়াৰলেণ্ডৰ বিৰুদ্ধে শৃংখলাত দলত ৰখা হোৱা নাই। কিন্তু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলাত প্ৰথমবাৰৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰা পেচাৰদ্বয় উমৰান মালিক আৰু অৰ্শদ্বীপ সিং আয়াৰলেণ্ড ভ্ৰমণৰত দলত আছে। আনহাতে উইকেটৰক্ষক বেটাৰ দিনেশ কার্তিককো আয়াৰলেণ্ড ভ্ৰমণৰ বাবে দলত পুনৰ অন্তৰ্ভুক্ত কৰা হৈছে। ভাৰতীয় দলটো হ'ল:হার্দিক পাণ্ডিয়া, ভুৱনেশ্বৰ কুমাৰ, ঈশান কিষণ, ৰিতুৰাজ গায়কোৱাড, সঞ্জু চেমছন, সূর্যকুমাৰ যাদৱ, ভেংকটেশ আয়াৰ, দীপক হুডা, ৰাহুল ত্রিপাঠী, দিনেশ কার্তিক, যুজবেন্দ্র চাহাল, অক্ষৰ পেটেল, ৰবি বিষ্ণয়, হৰ্ষল পেটেল, আভেশ খান, অৰ্শদ্বীপ সিং আৰু উমৰান মালিক।
Comments