গুৱাহাটী,২৬ জুন:টিহু,বুঢ়াদিয়া আৰু কালদিয়া নদীৰ জলপৃষ্ঠ হ্ৰাস পোৱাৰ লগে লগে সৰ্থেবাৰী ৰাজহ চক্ৰৰ বিভিন্ন অঞ্চলৰ বান পৰিস্থিতিৰ কিছু উন্নতি হৈছে যদিও গাঁও-ভূঁইৰ পানী এতিয়াও কমা নাই।এতিয়াও বহু লোক আশ্রয় শিবিৰতে আছে। তেনে সময়তেই দুর্গতসকলৰ মাজত প্ৰত্যেকবাৰৰ দৰে এইবাৰো থিয় দিলে শংকৰদেৱ শিশু নিকেতন, সৰ্থেবাৰীৰ প্ৰাক্তন ছাত্ৰ-ভাৰতীৰ সদস্য সকলে।সৰ্থেবাৰীৰ ৰাজহ চক্ৰৰ অন্তৰ্গত সত্ৰপাকা অঞ্চলৰ প্ৰায় ২০০ ঘৰ মানুহক প্ৰাক্তন ছাত্ৰ-ভাৰতীয়ে বিয়িং চ'চিয়েল,দ্য ৱেদিং ফটোগ্ৰাফ আৰু জঙ্ঘমৰ সৈতে মিলি নিজৰ সাধ্য অনুসাৰে সহায় কৰে।
তেওঁলোকে যোৱা ২৩ জুন তাৰিখে কাৰাকুছি,নামশালা,বাপুজী নগৰ, সৰ্থেবাৰীৰ ল'ৰা হাইস্কুল, জমথেৰ চুপা, কাতিয়াথেৰ চুপা,আতাথে চুপা,শালাকাথিয়াথে চুপাৰ বিভিন্ন অঞ্চলৰ শিৱিৰত বাস কৰা প্ৰায় ৬৫০ জন মানুহক সাহায্য সামগ্রী প্ৰদান কৰিছিল।
আজি বিতৰণ কৰা সাহায্য সামগ্রী সমূহৰ ভিতৰত আছিল দাইল,চিৰা,বিস্কুট, মেক্স',ব্লিছিং পাউদাৰ,চেনটেৰি পেড,চাবোন,চাৰ্ফ,তেল আদি।বানবিধ্বস্ত সৰ্থেবাৰীৰ বানাক্ৰান্তৰ খবৰ ল'বলৈ আহৰি নাই জনপ্রতিনিধি বা চৰকাৰ-প্ৰশাসনৰ। ইয়াৰ বিপৰীতে বানত জুৰুলা হোৱা সৰ্থেবাৰী অঞ্চলৰ বানাক্ৰান্তৰ কাষত থিয় হোৱা এইদল ছাত্ৰ-ছাত্ৰী আৰু কিছু সমাজহিতৈষী লোকক ধন্যবাদ জ্ঞাপন কৰিলে সৰ্থেবাৰীৰ লগতে সত্ৰ পাকাৰ সমূহ ৰাইজে।
Comments