গুৱাহাটী, ২৩ জুনঃ ক্ৰুজ জাহাজত আয়োজন কৰা পাৰ্টি যথেষ্ট বিখ্যাত আৰু ইয়াৰ ৰঙীন যাত্রাই যিকোনো মানুহৰ মন উৎফুল্লিত কৰি তুলিব পাৰে। কিন্তু এতিয়া পৃথিৱীৰ আটাইতকৈ ডাঙৰ ক্ৰুজ জাহাজখন আৱৰ্জনা কেন্দ্রত বিক্ৰী কৰিবলৈ সাজু হৈছে।
আশ্চৰ্যজনকভাৱে, ইয়াৰ বাবে কোনো ক্ৰেতা ওলোৱা নাই আৰু মালিকৰ ওচৰত ইয়াৰ কোনো বিকল্প বাকী নাই। জাহাজ কোম্পানীটোৱে এতিয়া কোনোবাই ইয়াক ক্ৰয় কৰিব বুলি অপেক্ষা কৰি আছে।
বৰ্তমান এই জাহাজখনৰ মালিক দেউলিয়া হৈ পৰিছে। এই ক্ৰুজ জাহাজখনৰ নাম হৈছে ড্ৰীম লাইন-২ আৰু ইয়াক দীৰ্ঘদিন ধৰি বিক্ৰী কৰাৰ প্ৰস্তুতি চলি আছে। জাৰ্মান ক্ৰুজ উদ্যোগ সম্পৰ্কীয় আলোচনী এন বোৰ্ডক উদ্ধৃত কৰি কোৱা হৈছিল যে, ইয়াৰ বাবে কোনো ক্ৰেতা পোৱা হোৱা নাই, সেয়েহে ইয়াক আবৰ্জনাৰ মূল্যত বিক্ৰী কৰিবলৈ সাজু হৈ আছো।
এই পৰিস্থিতিৰ উদ্ভৱ এইকাৰণে হৈছে কাৰণ জাহাজখন নিৰ্মাণ কৰা কোম্পানীটো এতিয়া সম্পূৰ্ণৰূপে ঋণত পোত গৈ আছে আৰু ইয়াৰ মালিক দেউলিয়া হৈ পৰিছে। এনে পৰিস্থিতিত মালিকে এই জাহাজখন বিক্ৰী কৰি কেনেবাকৈ তেওঁৰ ঋণ হ্ৰাস কৰিব বিচাৰিছে।
ইপিনে, ক্ৰুজ জাহাজ খন নিৰ্মাণ কৰা কোম্পানীটোৱে কৈছে যে, "এই জাহাজখনৰ বাবে কোনো ক্ৰেতা পোৱা নগ'ল, এতিয়া ইয়াক আবৰ্জনাৰ মূল্যত বিক্ৰী কৰাৰ সম্ভাৱনা আছে। ব্ৰিংকমেন এণ্ড পাৰ্টনাৰ্ছ কোম্পানীৰ গৰাকী ক্ৰিষ্টফ মৰ্গানক বেঙ্কে দেউলিয়া হিচাপে ঘোষণা কৰিছে।"
তথ্য অনুসৰি, হংকং স্থিত কোম্পানী জেটিং আৰু জাৰ্মান জাহাজ নিৰ্মাতাসকলে একেলগে এই বিলাসী ক্ৰুজ জাহাজখন নিৰ্মাণ কৰিছিল। কিন্তু জানুৱাৰী মাহত, তেওঁলোক দুয়োজনে নিজকে দেউলিয়া বুলি ঘোষণা কৰিবলৈ আবেদন দাখিল কৰিছিল। একেলগে এই দুয়োটা কোম্পানীয়ে বিলাসী ক্ৰুজ জাহাজৰ এটা শৃংখলা নিৰ্মাণ কৰি আছিল, লগতে ড্ৰীম লাইন-২ হৈছে জেট কোম্পানীৰ মালিকানাধীন তিনিখন ক্ৰুজ শৃংখলাৰ ভিতৰত এখন।
Comments