Classifieds
View All
গুৱাহাটী, ২৩ জুনঃ শনিবাৰে ৰাষ্ট্ৰীয় অভিলেখ গঢ়ি ৪১ সংখ্যক এছিয়ান ট্ৰেক চাইক্লিং চেম্পিয়নশ্বিপত ভাৰতীয় দলক নেতৃত্ব দি দলীয় পাৰছুইট ইভেন্টত ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সক্ষম হোৱা অসমৰ চয়নিকা গগৈয়ে প্ৰতিযোগিতাখনত আন এটা সফলতা অৰ্জন কৰিছে।
নতুন দিল্লীত চলি থকা প্ৰতিযোগিতাখনৰ মহিলাৰ এলিট স্ক্ৰেটছ ৰেচৰ ১০ কিঃমিঃ ইভেন্টত চয়নিকাই বুধবাৰে ব্ৰঞ্জৰ পদক জয় কৰিবলৈ সক্ষম হয়।
এই সফলতাৰ বাবে অসম চাইক্লিং সন্থাৰ সভাপতি হৰমিত সিং আৰু সাধাৰণ সম্পাদক ড০ তপন দাসে চয়নিকাক অভিনন্দন জনাইছে।
Comments