গুৱাহাটী,২৩ জুন:এতিয়ালৈকে অসমৰ বানত ৮৯ জন লোকৰ প্রাণ হানি হৈছে। এনে বিষম পৰিস্থিতিৰ মাজতে বলীউডৰ বহু অভিনেতা আৰু অন্যান্য লোকে অসমলৈ সাহায্য প্ৰদান কৰিছে। ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ ২৩ তাৰিখে আহিব কেন্দ্রীয় চৰকাৰৰ প্ৰতিনিধিৰ এটা দল। আনহাতে তিব্বতী ধৰ্মগুৰু দালাই লামায়ো অসমৰ বানক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে। কেৱল সেয়াই নহয়, তেওঁ অসমলৈ পাৰ্যমানে সাহায্যও দিছে। অসমৰ বান পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ এক পত্ৰ প্ৰেৰণ কৰিছে তিব্বতীয় ধৰ্মগুৰু দালাই লামাই।
উক্ত পত্ৰত দালাই লামাই ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত উদ্বিগ্নতা প্ৰকাশ কৰিছে। আনহাতে, বানৰ ফলত হোৱা ক্ষয়-ক্ষতি আৰু ধন-জন হানিক লৈও দুখ প্ৰকাশ কৰিছে। লগতে বানৰ ফলত ঘৰ-বাৰী এৰিব লগা হোৱা লোকসকলৰ বাবে চিন্তা ব্যক্ত কৰিছে। বানাক্ৰান্তসকলৰ প্ৰতি সমবেদনা জনাই দালাই লামাই পত্ৰখনত লিখিছে, অসম তথা ভাৰতৰ অন্য কিছু প্ৰান্তত প্ৰতি বছৰে বাৰিষাৰ বতৰত বান পৰিস্থিতিয়ে সৃষ্টি কৰা ধ্বংসাত্মক কার্য অতি দুৰ্ভাগ্যজনক। লগতে তেওঁ মুখ্যমন্ত্ৰীলৈ লিখিছে, ‘সাম্প্রতিক বানত আপোনাৰ ৰাজ্যৰ লাখ লাখ জনসাধাৰণে দুর্ভোগ ভুগিবলগীয়া হোৱাত মই দুখ প্ৰকাশ কৰিছোঁ। মই আপোনাৰ লগতে যিসকল লোকে নিজৰ আত্মীয়-স্বজনক হেৰুৱাব লগা হৈছে আৰু যিসকলে বানৰ মাজত কবকাই থাকিব লগা হৈছে সকলোলৈকে গভীৰ সমবেদনা জনাইছোঁ।' ইফালে বন্যাক্রান্তক উদ্ধাৰ কার্যত নিয়োজিত উদ্ধাৰকাৰীসকলৰো প্ৰশংসা কৰিছে তীব্বতীয় ধৰ্মগুৰুগৰাকীয়ে। তেওঁ পত্ৰখনত লগতে লিখিছে— ‘মই যিসমূহ উদ্ধাৰকাৰী দল বানপীড়িতসকলক উদ্ধাৰ কাৰ্যত নিয়োজিত হৈ আছে আৰু সাহায্য সামগ্ৰী উপলব্ধ কৰাবৰ বাবে সম্ভাব্য সকলো প্ৰকাৰৰ চেষ্টা চলাই আছে, তেওঁলোকক সকলোকে ধন্যবাদ জনাইছোঁ।' তেওঁ লগতে অসমৰ জনগণৰ সৈতে একেলগে থকাৰ প্ৰতীক হিচাপে বানাক্ৰান্তক সহায়ৰ বাবে তেওঁৰ ‘গাডেন ফোডাং ট্রাষ্ট'ৰ পৰা দান আগবঢ়াব, যাতে বান প্ৰভাৱিত লোকসকলক সকলো প্ৰকাৰৰ সহায় আগবঢ়াব পৰা যায়। তিব্বতী ধৰ্ম গুৰুগৰাকীৰ বদান্যতাক সকলোৱে প্ৰশংসা কৰিছে।
Comments