গুৱাহাটী,২৩ জুন:বাক্সা জিলাৰ মথনগুৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত জালাহ ৰাজহ চক্ৰৰ অধীনস্থ ৩ নং বাৰাপেটাত বন্যাৰ্তৰ বাবে চৰকাৰে যোগান ধৰা খাদ্য সামগ্ৰী আৰু মমবাতি একাংশ লোকে বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ অভিযোগ উত্থাপন কৰা চৈয়দ আলী নামৰ যুৱক জনৰ মতে পলান,কাবেল,ৰফিক,বাহাৰুল আৰু চিত্ৰ বাহাদুৰ নামৰ লোক কেইজনে বন্যাৰ্তৰ বাবে যোগান ধৰা খাদ্য সামগ্ৰী বিক্ৰী কৰিছে ৷ ইপিনে আনোৱাৰ হুছেইন নামৰ দোকানী জনে ১ বস্তুা দাইল আৰু ৩০ পেকেট মমবাতি কাবেল আৰু পলানৰ পৰা ৩০০০ টকাত ক্ৰয় কৰা বুলি স্বীকাৰ কৰে ৷
লক্ষণীয় কথা যে গাওঁবুঢ়াৰ সন্মুখতে এই সিদ্ধান্ত লৈ দাইল আৰু মমবাতিসমূহ বিক্ৰী কৰা বুলিও অভিযোগ উত্থাপন কৰে ৷ লোকজনে বন্যাৰ্তৰ সামগ্ৰী কঢ়িয়াই অনা গাড়ী ভাড়া দিয়াৰ বাবেহে সামগ্ৰী সমুহ বিক্ৰী কৰা বুলি জনোৱাৰ লগতে লাট মণ্ডলোকো টকা দিয়া বুলি মন্তব্য কৰাৰ লগতে লোকজনে ১ বস্তুা দাইল ২৪০০ টকা আৰু ৩০ পেকেট মমবাতি ৬০০ টকাত বিক্ৰী কৰা বুলি জানিবলৈ দিয়ে ৷ বন্যাৰ্তৰ বাবে চৰকাৰে যোগান দিয়া খাদ্য সামগ্ৰী বিক্ৰী কৰা খবৰে সমগ্ৰ অঞ্চলটোত এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবী উত্থাপিত হৈছে ৷
Comments